Muslim Women : মুছলমান মহিলাসকলে বিবাহ বিচ্ছেদ বিচৰাৰ অধিকাৰ দিছে ইছলামেই, মন্তব্য কেৰালা উচ্চ ন্যায়ালয়ৰ

2018 9img19 Sep 2018 PTI9 19 2018 000136B e1545921603707 scaled 1

Muslim Women :

ছৰিয়ত আইনৰ অধীনত, মহিলাসকলৰ বিবাহ বিচ্ছেদ বিচৰা অধিকাৰ আছে। ইয়াৰ স’তে স্বামীৰ ইচ্ছাৰ কোনো সম্পৰ্ক নাই। আনকি তেওঁ বিবাহ বিচ্ছেদৰ বাবে সন্মত নহ’লেও, এগৰাকী মুছলমান মহিলাই বিবাহ বিচ্ছেদ বিচাৰিব পাৰে। এই কথা জনালে কেৰালাৰ উচ্চ ন্যায়ালয়ে

আদালতত মুছলিম বিবাহ আইনৰ অধীনত বিবাহ বিচ্ছেদৰ আদেশ লাভ কৰিছে এগৰাকী মহিলাই । অৱশ্যে, তেওঁৰ স্বামীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

তেওঁ কয় যে এগৰাকী মুছলমান মহিলাৰ ‘খুলা’ৰ জৰিয়তে বিবাহ বিচ্ছেদ লোৱাৰ অধিকাৰ আছে (ইছলামৰ বৰ্ণনা কৰা পদ্ধতি যাৰ দ্বাৰা এগৰাকী পত্নীয়ে তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিব পাৰে) । কিন্তু তাৰবাবে মহিলগৰাকীয়ে প্ৰথমে তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিব লাগিব। যদি তেওঁ নকৰে, তেতিয়া মহিলগৰাকী আদালতলৈ যাব পাৰে।

কিন্তু এই পিটিছন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে । ন্যায়াধীশ এ মহম্মদ মুস্তাক আৰু চি এছ ডায়াছৰ বিচাৰপীঠে জনাই যে আদালতে সহজে খুলা গ্ৰহণ কৰিব পাৰে। স্বামীৰ ইয়াৰ স’তে কোনো সম্পৰ্ক নাই।

বিচাৰকসকলৰ মতে, আৱেদনখনত কোৱা কথাবোৰে দাবী কৰিছে যে মুছলমান মহিলাসকল তেওঁলোকৰ স্বামীৰ ইচ্ছাধীন । এই আৱেদনক ‘নিৰ্দোষ’ বুলি ক’ব নোৱাৰি। বৰঞ্চ, এনেকুৱা যেন এই সম্প্ৰদায়ৰ পুৰুষতান্ত্ৰিক মনোভাৱ আৰু মুছলমান ধৰ্মীয় গুৰুসকলৰ প্ৰভাৱ ইয়াত লক্ষ্য হৈছে ।

উচ্চ ন্যায়ালয়ে জনাইছে, মুছলমান মহিলাসকলৰ বিবাহ বিচ্ছেদ বিচৰাৰ প্ৰয়োজনীয় অধিকাৰ আছে। পবিত্ৰ কোৰআনে এই অধিকাৰ প্ৰদান কৰে। আৰু ইয়াৰ বাবে স্বামীৰ সন্মতি বা অনুমতিৰ কোনো প্ৰয়োজন নাই।

অৱশ্যে, আদালতে জনাই যে ‘খুলা’ৰ ক্ষেত্ৰত কিছুমান চৰ্ত আছে । সেইসমূহ হৈছে –

(১) পত্নীক বিবাহৰ সমাপ্তিৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰিব লাগে।

(২) বিবাহত প্ৰাপ্ত যৌতুক ঘূৰাই দিয়াৰ প্ৰস্তাৱ থাকিব লাগে।

(৩) খুলা ঘোষণাৰ পূৰ্বে বিবাহক জীয়াই ৰাখিবলৈ বৈবাহিক সমস্যাসমাধানৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা কৰা হৈছে।

Exit mobile version