Nagarbera : নগৰবেৰাৰ বদলাত মাছ মৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰ-পিট

Nagarbera:

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বদলা পথাৰ ভাঙাৰকুৰ বিলত মাছ মৰাক কেন্দ্ৰ কৰি সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা ।

প্ৰাপ্ত তথ্য অনুসৰি, বদলা পথাৰ ভাঙাৰকুৰ বিলৰ মাটিক কেন্দ্ৰ কৰি দীৰ্ঘ দিনৰ পৰা লেচি আৰু বিল খনত থকা মাটিৰ পট্টাদাৰ সকলৰ মাজত বিবাদ চলি আছিল আৰু এই বিবাদ চলি থকাৰ মাজতে ছমৰীয়া উন্নয়ণ খণ্ডৰ উন্নয়ণ বিষয়াই বিল খনৰ চৰকাৰী ভূমিত মাছ মাৰিবলৈ কিছু দিন পূৰ্বে দিয়া এক আদেশ মৰ্মে লেচি ইউনুছ আলীয়ে তেওঁৰ অঙহী বঙহীৰ লগতে মাছমৰীয়া লৈ বিল খনত মাছ ধৰাৰ বাবে চৰকাৰী ভূমিত জাল পেলোৱাৰ বিপৰীতে পট্টাদাৰ সকলৰ মাটিত জাল পেলোৱাত পট্টাদাৰ সকলে বাধা প্ৰদান কৰে।

এই লৈ আজি দুপৰীয়া ভাগত দুই পক্ষৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটত মাটিৰ পট্টাদাৰ সকলৰ ক্ৰমে, শ্বহিদুল ইছলাম, জামাল উদ্দিন, মনোৱাৰা খাতুন, জাহিদা খাতুন, আকবৰ আলী আৰু ৰাজ মাহমুদ আহমেদ গুৰুতৰভাৱে আহত হোৱাত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে।

ইপিনে লেচি ইউনুছ আলীৰ পক্ষৰ দুই এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত দুইয়ো পক্ষই স্থানীয় টুপামাৰী আৰক্ষী চকীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে।

Exit mobile version