Tata :মহিলাই চলাব টাটাৰ এই বৃহৎ কাৰখানা : সংযুক্ত হ’ব ৪৫ হাজাৰ মহিলা

WhatsApp Image 2022 11 04 at 18.22.40 1

Tata :

ভাৰতৰ অন্যতম উদ্যোগপতি ৰতন টাটা বুলিলেই মনলৈ আহে ব্যৱসায়ৰ লগতে তেওঁৰ সামাজিক দায়বদ্ধতাৰ কথা । টাটা এনে এজন ব্যক্তি যি ব্যৱসায়ৰ সমান্তৰালকৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ কথা চিন্তা কৰি আহিছে । সদ্য তেওঁ অন্য এটা ব্যৱসায়ৰ কথা পৰিকল্পনা কৰিছে ।

টাটা গোটে সিদ্ধান্ত লৈছে যে, তামিলনাডুৰ হোচুৰ জিলাত অৱস্থিত ইলেকট্ৰনিক কাৰখানাত অধিক কৰ্মসংস্থাপন বৃদ্ধি কৰিব । খবৰ অনুসৰি, উক্ত কাৰখানাত আগন্তুক দুটা বছৰত ৪৫ হাজাৰ কৰ্মচাৰী নিয়োগ কৰিব । পৰিকল্পনা অনুযায়ী এই নতুন কাৰখানাত নিৰ্মাণ কৰা হ’ব আইফোনৰ যন্ত্ৰাংশ ।

অৰ্থাৎ কাৰখানাটোত ইলেকট্ৰনিক যন্ত্ৰাংশও তৈয়াৰ কৰা হ’ব । ইতিমধ্যে চীনে কৰ’নাৰ বিধি নিষেধৰ বাবে এপল’ ৰ উৎপাদন বন্ধ কৰি দিছে । যাৰবাবে এতিয়া ভাৰতে আইফোন এপল উৎপাদন বৃদ্ধিৰ ওপৰত জোৰ দিছে । সেই উদ্দেশ্যে দেশীয় কোম্পানীবোৰ সম্প্ৰসাৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।

খবৰ অনুসৰি , টাটা গোটে এপল’ৰ কামৰ বাবে বেছি অৰ্ডাৰ পোৱাৰ কাৰণে নিজৰ কাৰখানা বঢ়াই তুলিছে আৰু ১৮ ৰ পৰা ২৪ মাহৰ ভিতৰত প্ৰায় ৪৫,০০০ চাকৰি নিয়োগ কৰিব টাটা গোটে । উল্লেখ্য যে , টাটাৰ এই কোম্পানীসমূহত মহিলাৰ কৰ্ম সংস্থাপন বেছি হ’ব ।

টাটাৰ এই পৰিকল্পনা ৫০০ একৰ অঞ্চলজুৰি বিস্তৃত হৈ থাকিব । য’ত বৰ্তমান কৰ্মচাৰীৰ সংখ্যা হৈছে ১০,০০০ আৰু বেছিভাগেই মহিলা কৰ্মচাৰী । বিগত মাহত এই কাৰখানাত পাঁচ হাজাৰ মহিলা কৰ্মচাৰী নিয়োগ কৰা হৈছে । উল্লেখ্য যে, কাৰখানাৰ সকলো কৰ্মচাৰীক খোৱা আৰু বাসস্থানৰ সুবিধা প্ৰদান কৰা হৈছে ।

ভাৰতে মেনুফ্যেকচাৰিং বঢ়ালেও কিন্তু আইফোন উৎপাদন যথেষ্ট কম । যাৰবাবে এইবাৰ টাটা গোটে আইফোনৰ উৎপাদন বঢ়োৱাত ধ্যান দিছে । ইতিমধ্যে টাটা গোটে ভাৰতত আইফোন তৈয়াৰ কৰিবলৈ উইষ্টৰণৰ লগত যৌথ উদ্যোগ ল’বৰ কাৰণে আলোচনা আৰম্ভ কৰিছে ।

ইফালে এপুল’ ৰ পৰা আৰু অৰ্ডাৰ পোৱাৰ আশাত টাটা গোটে প্ৰতিটো ক্ষেত্ৰতে প্ৰস্তুতি বঢ়াই তুলিছে ।

Exit mobile version