Ancient Greek Statue Holding Laptop : ‘লেপটপ’ হাতত লৈ প্রাচীন নাৰীমূর্তি !

‘টাইম ট্রেভেল’ক লৈ উঠিছে প্রশ্ন

e1fb5c51 b3fe 407c 8aa3 0f00759fea3f

Ancient Greek Statue Holding Laptop :

সময়ক মাধ্যম হিচাপে ব্যৱহাৰ কৰি বর্তমানৰ পৰা অতীত বা ভৱিষ্যতত সঁচাকৈ যাত্রা কৰিব পৰা যায় নেকি ? বিজ্ঞান আৰু প্রযুক্তি এতিয়াও সেই সমূহ প্রশ্নৰ উত্তৰৰ সন্ধানত । অৱশ্যে কোনো কোনো সময়ত চকুৰ পচাৰত এনে কিছু ‘প্রমাণ’ পোৱা যায়, যাৰ বৈজ্ঞানিক ব্যাখ্যাক লৈ প্রশ্ন উত্থাপিত হয় ।

তেনেধৰণেৰে এক ঘটনা সংঘটিত হৈছে কেলিফ’র্নিয়াত । মালিবুৰ জেপল জেটি মিউজিয়ামত এক প্রাচীন মূর্তি প্রদর্শন কৰা হৈছিল । এই মূর্তিৰ নাম ‘গ্রেভ নাইছকস অৱ এন এনথ্র’নড উওমেন উইথ এন এটেনডেন্ট’ । মূর্তিৰ তলত সময়কালো উল্লেখ আছে । এশ খ্রিষ্ট পূর্ব ।

ইমান প্রাচীন মূর্তিৰ, গঢ়ন দেখি সকলো আশ্চর্য হৈ গৈছে । নাৰীমূর্তিৰ হাতত আছে লেপটপ । কিন্তু ইমান পুৰণি মূর্তিত লেপটপ খোদোৱা আছে কিয় ? ‘টাইম ট্রাভেল’-ৰ ধাৰণা সত্য নেকি, প্রশ্ন উত্থাপন কৰিছে অনেকেই ।

মূর্তিটোৰ দৈৰ্ঘ্য ৩৭ ইঞ্চি । সিংহাসনৰ জৰে এখন চকীত বহি আছে এটা নাৰমূর্তি । মহিলাগৰাকীৰ দাসীয়ে তেওঁৰ সন্মুখত এটা পাতল বাকচ খুলি লৈ আছে । মহিলাগৰাকীয়ে অতি মনোযোগেৰে বাকচটো পর্যবেক্ষণ কৰিছে । বাকচটোৰ কাষত তলত দুটা সৰু ছিদ্ৰ‌ও আছে । এবাৰ দেখিলেই বুজিব যে, মহিলাগৰাকীয়ে লেপটপ স্ক্রিনত কিবা চাই আছে । ছিদ্ৰ দুটা লেপটপত থকা ইউএছবি প’র্ট ।

কিন্তু এই প্রসংগত উলোটাই যুক্তি দিছে অনেকে । তেওঁলোকৰ মতে, এইটো কোনো গহণাৰ বাকচ । সেয়ে মনোযোগেৰে পর্যবেক্ষণ কৰিছে মহিলাগৰাকীয়ে । অনেকে আকৌ ধেমেলীয়া সুৰত পিৎজাৰ বাকচৰ স’তেও তুলনা কৰিছে ।

Exit mobile version