Assam Secretariat : জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশ

পুৱা ৯-৩০ৰ ভিতৰত উপস্থিত থকাটো বাধ্যতামূলক

WhatsApp Image 2022 11 05 at 18.38.24

Assam Secretariat :

কাৰ্যালয়ত সময় মতে উপস্থিত নথকাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ থকাৰ মাজতে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে কাড়া নিৰ্দেশনা জাৰি কৰিছে ৷

সকলো বিষয়া-কৰ্মচাৰী সোমবাৰৰ পৰা সকলো বিষয়া-কৰ্মচাৰী পুৱা ৯-৩০ৰ ভিতৰত জনতা ভৱনত উপস্থিত থকাটো বাধ্যতামূলক কৰিছে ৷

উল্লেখ্য যে দুপষেকৰ পূৰ্বে ৯-৩০ বজাত উপস্থিত থকাটো বাঞ্ছনীয় বুলি এক নিদৰ্শনা জাৰি কৰা হৈছিল ৷ সেই অনুসৰি সকলো বিষয়া-কৰ্মচাৰী ন বজাৰে পৰা লানিনিচিঙা সোঁত বৈছিল ৷ কিন্তু কেইদিনমান ধৰি এই নিয়ম সুচাৰুৰূপে পালন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত স্থবিৰ হৈ পৰে ৷

কিন্তু শেহতীয়াকৈ সাত নৱেম্বৰৰ পৰা কঠোৰ স্থিতি লৈ মুখ্য সচিবে কাৰ্যালয়ত ৯-৩০ বজাৰ ভিতৰত প্ৰৱেশৰ কঠোৰ নিৰ্দেশনা জাৰি কৰাই নহয় ৷দহ বজাত প্ৰতিটো বিভাগৰ উপস্থিতিৰ বহী অধীক্ষক পৰ্যায়ৰ বিষয়াই পৰ্যবেক্ষণ কৰি ৰিপৰ্ট কৰিব মুখ্য সচিবক ৷

এনে প্ৰেক্ষাপটত সোমবাৰৰ পৰা বিষয়া- কৰ্মচাৰীয়ে মুখ্য সচিবৰ নিৰ্দেশনা কিদৰে পালন কৰে সেয়া হ’ব লক্ষণীয় ৷

Exit mobile version