Varun Dhawan : বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান ! কামৰ পৰা ল’লে বিৰতি

73170217

Varun Dhawan :

বিৰল ৰোগত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱান । সম্প্ৰতি এক সাক্ষাৎকাৰত এই ৰোগত আক্ৰান্ত হোৱাৰ কথা নিজেই জনাইছে বৰুণে । তেওঁ কয়, ইয়াৰ বাবে চলচ্চিত্ৰৰ কামৰ পৰা অলপ বিৰতিও লৈছে বৰুণে ।

কি হৈছে অভিনেতাজনৰ ?

সাক্ষাৎকাৰটোত, বৰুণে জনাইছে, ‘ভেষ্টিবুলাৰ হাইপোফাংচন’ ৰোগত আক্ৰান্ত বৰুণ । যুগ যুগ জি’অ ছবিৰ প্ৰচাৰৰ সময়ত বৰুণে অসুস্থ অনুভৱ কৰিছিল। বৰুণে কয় , “যুগ যুগ জি’অ” ছবিখনৰ প্ৰচাৰত ইমান ব্যস্ত আছিলোঁ যে দিন আৰু ৰাতি এটা হৈ পৰিছিল। এনে লাগিছিল যেন মই নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছো।

লগতে বৰুণে জনাই, “কৰ’নাৰ পাছত, আমি সকলোৱে কামৰ দৌৰা দৌৰিত ব্যস্ত । আৰু সেই দৌৰৰ বাবেই, শৰীৰটো বেয়া হৈছে।

বৰ্তমান বৰুণ ধাৱানে সকলো কাম বন্ধ কৰি দিছে। অভিনেতাজনে জনাইছে, “তেওঁৰ শাৰীৰিক পৰিস্থিতিৰ বিষয়ে। তেওঁ সাক্ষাৎকাৰত কয়”মোৰ স’তে কি হৈ আছিল মই বুজি পোৱা নাছিলো ।”

“মোৰ ভেষ্টিবুলাৰ হাইপোফাংচন নামৰ এটা সমস্যাই দেখা দিছে । মূলতঃ, এই ৰোগৰ ফলত আপোনাৰ শৰীৰৰ ভাৰসাম্য বজাই ৰখাত সমস্যা হয়। ইয়াৰ মাজতে, মই বহুত কঠোৰ পৰিশ্ৰম কৰিছো। কিয়নো আমি সকলোৱে দৌৰি আছোঁ, কোনেও জানিব নিবিচাৰে কিয় । আমাৰ সকলোৰে ইয়াত থকাৰ এটা নিৰ্দিষ্ট কাৰণ আছে, মই কাৰণটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। “

Exit mobile version