Delhi Pollution : দিল্লীৰ ৰস্তাত নিষিদ্ধ ডিজেলচালিত পুৰণি গাড়ী ,

1667707692 delhi pollution

Delhi Pollution :

তীব্ৰ প্ৰদূষণৰ ফলত, দিল্লী প্ৰায় ‘গেছ চেম্বাৰ’ লৈ পৰিণত হৈ পৰিছে। প্ৰদূষণৰ মাত্ৰা ইমান পৰ্যায়ত গৈ উপনীত হৈছে যে ৰাজধানীত এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি হৈছে।

দিল্লী চৰকাৰে ইতিমধ্যে ৰাজধানীত প্ৰদূষণ হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । একে সময়তে, চৰকাৰে নিৰ্দেশ দিছে যে ৰাস্তাত যিকোনো পুৰণি ডিজেল চালিত বাহন চলিলেই জৰিমনা বিহা হ’ব।

ডিজেল চালিত সৰু বাহন, যিবোৰ বিএছ-৬ নহয়, ইতিমধ্যে দিল্লীৰ ৰাস্তাত নিষিদ্ধ কৰা হৈছে। নিষেধাজ্ঞা উলংঘা কৰিলে চালকজনক ২০ হেজাৰ টকাৰ জৰিমনা বিহা হ’ব। পৰিবহণ বিভাগে এনে বাহনৰ মালিকসকললৈ জাননী প্ৰেৰণ কৰিছে।

পৰিবহণ বিভাগে এনে নিৰ্দেশনা প্ৰেৰণ কৰাৰ পাছতো নিষিদ্ধ তালিকাত থকা ডিজেল চালিত বাহনসমূহ ৰাজধানীৰ ৰাস্তাত চলাচল কৰি আছে বুলিও অভিযোগ কৰা হৈছে।

কেবাটাও অভিযোগ পোৱাৰ পাছত, এইবাৰ পৰিবহন বিভাগে এক বৃহৎ জৰিমনা আৰোপ কৰাৰ পথত ।

তৃতীয় দিনৰ বাবে দিল্লীৰ আকাশ ডাঠ ধোঁৱাই আৱৰি আছে। বায়ু প্ৰদূষণৰ স্তৰ ‘বিপদজনক’ স্তৰত আছে। দেওবাৰে, ৰাজধানীৰ বায়ু মানদণ্ড সূচক (একিউআই) আছিল ৪০৮ । যদি একিউআই মাত্ৰা ৪০০ অতিক্ৰম কৰে, ইয়াক ‘বিপদজনক’ বুলি কোৱা হয়।

প্ৰদূষণ সূচক অনুসৰি, শনিবাৰৰ আগলৈকে ৰাজধানীত সূচক ‘অতি গুৰুতৰ’ আছিল। একিউআই ৫০০ ৰ ওপৰত আছিল। দেওবাৰে তাৰ পৰা কিছু উন্নতি হৈছে।

Exit mobile version