Dto Suspension : চৰাইদেউৰ পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈক নিলম্বন

54b3c2b5 6d70 432f a6f7 c7e335a4834b

Dto Suspension :

বিভিন্ন অনিয়ম আৰু বহিভূত কাম- কাজ কৰাৰ অভিযোগত নিলম্বন হ’ল চৰাইদেউৰ পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈ৷

উল্লেখ্য যে বিভাগৰ ৰোষত পৰা নিলম্বিত ডিটিঅ’ বৰদলৈয়ে অৰুণাচল আৰু নাগালেণ্ডৰ বহু পৰিমাণৰ ভুৱা অনুজ্ঞ পত্ৰ অবৈধভাৱে বৈধ কৰিছিল ৷

আনকি বিষয়াজনে ড্ৰাইভিং লাইচেন্স দিয়াৰ পূৰ্বে বহুজনক কোনো টেষ্ট নোলোৱাকৈ বহিঃৰাজ্যৰ অনুজ্ঞ পত্ৰৰ ওপৰত ভিত্তি কৰি বৈধতা প্ৰদান কৰি লাইচেন্স দিছিল ৷

এই ধৰণৰ বহু অভিযোগ পাই থকাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় অনুসন্ধানত সকলো তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ পৰিবহন আয়ুক্তই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে ডিটিঅ’ বৰদলৈক৷

Exit mobile version