Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 2

Horoscope :

মেষ : নানা ধৰণৰ চিত্তা থাকিব। অৱশ্যে পূৰ্বতে দিয়া কথাৰ প্ৰতি বেছি সক্ৰিয় হোৱাৰ দৰকাৰ। আপোনাৰ শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। যাত্রা শুভ। শুভ সংখ্যা ৩।

বৃষ: আবেগ প্ৰৱণতা। কৰ্মত বিপদৰ শংকা নাথাকিব। ব্যস্ত হৈ পৰাৰ কাৰক। আজি আপুনি সেউজীয়া ৰং ব্যৱাৰ কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ সংখ্যা ২।

মিথুন : কৰ্তৃত্বহীন লোকৰ পৰাই কোনো অভিযোগ পোৱা সম্ভাৱনা। খৰচ পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্ৰণৰ মাজত থাকিব। শুভ বর্ণ হালধীয়া। আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব। শুভ সংখ্যা ৪।

কর্কট : কর্মব্যস্ত লোকৰ মধ্যম আহুকাল। শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম। অনুকূল ফল আশা কৰিব পাৰে। শুভ বৰ্ণ ৰঙা। ৰঙা বস্ত্ৰ পৰিধান কৰি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব। শুভ সংখ্যা ৭।

সিংহ : কর্মক্ষেত্ৰত ভৱিষ্যৎ অনুকূল দেখা যায়। কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব। আজি পৰাপক্ষত যাত্রা নকৰিব। যাত্ৰা কৰিলেও পুৱা ভাগতহে কৰিব। ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৩।

কন্যা : অবাঞ্চিত লোকৰ পৰা সতৰ্ক থাকক। কিন্তু সামগ্ৰিকভাৱে দিনটো ভালদৰে পাৰ হ’ব। শুভ বৰ্ণ ক’লা। ক’লা ৰঙৰ পোছাক পিন্ধিব। যাত্রা কৰিব পাৰে। শুভ সংখ্যা ১।

তুলা : আৰ্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব। ধৰুৱাত পূৰ্বৰ তুলনাত উন্নত। শুভ বৰ্ণ মেৰুণ। আজি যাত্ৰা কৰোতে মেৰুণ ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ২।

বৃশ্চিক : সাধাৰণ উন্নত। কিন্তু কিবা সাম্ভাব্য পৰিৱেশ বা কমাৰ বাবে উদ্বেগ থাকিব। যোগাযোগ কৰি উৎসাহ পাব। আজি আপুনি পাতল গুলপীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

ধনু : ফুৰা চকাত গা বচাই চলক। অন্যমনস্কতাৰে একোকে নকৰিব। পুৱা ভাগত শিৱৰ মন্ত্ৰ জপ কৰক। হাতত এখন বগা ৰুমাল ৰাখক। জ্ঞাতি-কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা। শুভ সংখ্যা ৩।

মকৰ : নিৰাশাবাদ। মতান্তৰে সম্ভাৱক। কিন্তু পুৰণা প্রিয় বন্ধু লাভৰ যোগ। যাত্রাদি স্থগিত ৰাখক। শুভ বর্ণ পাতল হালধীয়া বা ক্ৰীম ৰং। এই ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৯।

কুম্ভ : কোনো দূৰস্থৰ আশান্বিত উন্নতি বা সংস্থাপন। পিত-মাতৃলৈ অৱশ্যে চিন্তা থাকিব। আজি আপোনাৰ শুভ বর্ণ পাতল নীলা। যাত্রা বা শুভ কর্ম। কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ৪।

মীন : কৰ্মস্থানত কিবা খেলি-মেলি বা ভুল নহয় লক্ষ্য ৰাখক। বিদ্যাৰ্থীসকলৰ খুব বেয়া দেখা নাযায়। আপোনাৰ শুভ বর্ণ বেঙুণীয়া। যাত্রা আছে। শুভ সংখ্যা ৮।

Exit mobile version