Kaziranga :কাজিৰঙাৰ ৰাজপথত আইন- অমান্য কৰি গাড়ী চলালেই জৰিমনা

পাঁচ মাহত সংগ্ৰহ ডেৰ কোটি

WhatsApp Image 2022 11 06 at 17.20.37

Kaziranga :

আপুনি কাজিৰঙাৰ মাজেৰে বাহন চলাই যাওঁতে এতিয়াৰ পৰা হওক সাৱধান ৷ অন্যৰ্থাই ভৰিব লাগিব জৰিমনা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত যান-বাহন চলাওতে আইন অমান্য কৰা ৬৭০০ খন যান- বাহনৰ বিৰুদ্ধে ইতিমধ্যে পৰিবহণ বিভাগে ৰজু কৰিছে গোচৰ ৷

একেদৰে এই সমুহ যান-বাহনক জৰিমনা বিহি সংগ্ৰহ কৰিছে ডেৰকোটি ৷ জুনৰ পৰা অক্টোবৰলৈকে সংগৃহীত হৈছে এই জৰিমনা ৷

উল্লেখ্য যে কাজিৰঙাৰ ৰাজপথত ইতিমধ্যে স্থাপন কৰা হৈছে হাইট্ৰেক চেন্সৰযুক্ত কেমেৰা ৷ ইয়াৰ উপৰি পৰিবহণ বিভাগৰ বিশেষ কেমেৰাযুক্ত নিৰীক্ষণ গাড়ীয়ে যিকোনো মুহূৰ্তত বাহৰ পাতে কাজিৰঙাৰ ৰাজপথত ৷

Exit mobile version