Rahul Gandhi : ‘পাপ্পু’ৰ কিমান দৌৰ !

প্ৰাঞ্জলসেন ডেকা

Rahul 2

Rahul Gandhi :

পাপ্পু ! কোনো বুবৰ্ক অথবা হতবুদ্ধি লোকক বুজাবলৈ হিন্দীত ব্যৱহাৰ কৰা বিদ্ৰূপসূচক শব্দ । এই শব্দটোকে অস্ত্ৰৰূপে ব্যৱহাৰ কৰি ৰাহুল গান্ধীক ভাৰতৰ এক নম্বৰ পাপ্পুৰূপে প্ৰতিষ্ঠা কৰি পেলোৱা হ’ল । ৰাহুল গান্ধী আৰু পাপ্পু সমাৰ্থক শব্দৰূপেই ক্ৰমাৎ পৰিগণিত হ’ল ।

২০০৪ৰ পৰা একেৰাহে চাৰিবাৰকৈ সাংসদ তথা ২০০৪ৰ পৰা ২০০৯ লৈ ইউপিএ চৰকাৰত ক্ষমতাৰ অন্যতম কেন্দ্ৰ হোৱাৰ পাছতো সেইজন ৰাহুল গান্ধী পাপ্পু হৈ থাকিল । সেই যে কান্ধত ছাগলী কঢ়িয়াই নিয়া ব্ৰাহ্মণজনে লুভীয়া বাটৰুৱাৰ মিথ্যাচাৰত অৱশেষত সেইটো কুকুৰ বুলি পতিয়ন গৈছিল আৰু তাক নমাই থৈ প্ৰায়চ্চিত্ত কৰিছিল, তাৰ লেখীয়া ।

ৰাজনীতিত যিহেতু ঔচিত্য বিচাৰৰ স্থান নাই, সেয়েহে একাধিক নিৰ্বাচনত পৰাজিত হোৱাজন হয়তো অৱধাৰিতভাৱেই পাপ্পুত পৰিণত হয় । এই পাপ্পুৰ লেবেল আঁতৰাই এক নতুন জননেতাৰ ভাৱমূৰ্তি গঢ়ি তোলাই যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ মূল লক্ষ্য আৰু উদ্দেশ্য তাক কোনেও নুবুজাকৈ থকা নাই ।

আজি দুমাহ সম্পূৰ্ণ কৰা এই যাত্ৰাই অৱশেষত কি ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, তাক লৈ জল্পনা-কল্পনাৰ শেষ নাই যদিও ইতিমধ্যে দাক্ষিণাত্যৰ পাঁচখন ৰাজ্য অতিক্ৰম কৰি অহাৰ সময়ছোৱাত ৰাইজৰ সঁহাৰি আশাব্যঞ্জক বুলিয়েই কংগ্ৰেছৰ লগতে ইয়াক পৰ্যবেক্ষণ কৰি থকাসকলে মন্তব্য কৰিছে ।

যোৱা সাত ছেপ্টেম্বৰত কন্যাকুমাৰীত ‘ভাৰত জোড়ো যাত্ৰা’ উদ্বোধন কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মিত্ৰ দল ডিএমকেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে । অবিৰত পদযাত্ৰাৰে ৩,৫৭০ কিলোমিটাৰ ১৫০ দিনত অৰ্থাৎ পাঁচ মাহত অতিক্ৰম কৰি কাশ্মীৰৰ শ্ৰীনগৰত ইয়াৰ সামৰণি পেলোৱাৰ কাৰ্যসূচী ধাৰ্য কৰা হৈছে ।

এই সময়ছোৱাত যাত্ৰাই ১২খন ৰাজ্য তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱাৰ কথা । যোৱা ২৩ আগষ্টত ৰাহুল গান্ধীৰ এই যাত্ৰাৰ ঘোষণাৰ পাছৰে পৰা যথেষ্ট ঠাট্টা-বিদ্ৰূপৰ লগতে অবিশ্বাসৰ সৃষ্টি হয় অতি স্বাভাৱিকভাৱেই । পাপ্পুৱে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিব, তাকো সুদীৰ্ঘ পাঁচমাহ ধৰি সম্পূৰ্ণ খোজ কাঢ়ি ! কংগ্ৰেছ বিৰোধী দল তথা সমৰ্থক বাদেই নিজ দলৰেই বহুতে ইয়াক হজম কৰিব পৰা নাছিল ।

সি যি কি নহওক, সকলোকে আচৰিত কৰি ৰাহুল গান্ধীয়ে এই যাত্ৰা আৰম্ভ কৰিলে আৰু পূবৰ্নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি এখনৰ পাছত এখন ৰাজ্য পাৰ কৰি কাশ্মীৰ অভিমুখে অগ্ৰসৰ হৈছে । প্ৰতিদিনে গড়ে প্ৰায় ২৩ কিলোমিটাৰকৈ খোজ কাঢ়ি ইতিমধ্যে ৩,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিছে ।

কংগ্ৰেছৰ এই যাত্ৰাই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিলেও ভাৰতত এনে যাত্ৰাৰ দৃষ্টান্তৰ অভাৱ নাই । ১৯৩০ত মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাৰ পৰাই ভাৰতীয় ৰাজনীতিত এনে ধৰণৰ যাত্ৰাই গুৰুত্ব লাভ কৰি আহিছে । ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰ্যময় জাতি-জনগোষ্ঠী, ধৰ্ম-সম্প্ৰদায় তথা সামাজিক মূল্যবোধৰ দেশক বুজিবলৈ হ’লে যে এনে যাত্ৰাৰ প্ৰয়োজন, সেয়া গান্ধীজীয়ে নিদৰ্শন দাঙি ধৰি গৈছে ।

পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰাজনীতিত পদযাত্ৰাসমূহ সাংগঠনিক ভেটি শক্তিশালীকৰণৰ লগতে দলীয় বাৰ্তা প্ৰেৰণৰ এক কৌশলৰূপে ব্যৱহৃত হৈ আহিছে । স্বাধীনোত্তৰ কালত ১৯৮২ত অন্ধ্ৰপ্ৰদেশৰ চিত্ৰতাৰকা এন টি ৰামাৰাওৱে সম্ভৱতঃ প্ৰথমটো এনে যাত্ৰা আৰম্ভ কৰিছিল । ‘চৈতন্য ৰথম’ নামেৰে উলিওৱা এই যাত্ৰাৰ জৰিয়তে তেওঁ ৰাজনীতিত এক নতুন গ্লেমাৰৰ সৃষ্টি কৰাই নহয়, পৰৱৰ্তী বছৰত অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিপুল জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । তাৰ লগে লগে দেশৰ ৰাজনীতিত এক নতুন আৰু প্ৰভাৱশালী তাৰকাৰূপে ভূমুকি মাৰিছিল ।

আনহাতে, ১৯৮৩ত চন্দ্ৰশেখৰে কন্যাকুমাৰীৰ পৰা দিল্লীলৈ প্ৰায় চাৰি হেজাৰ কিলোমিটাৰ জোৰা পদযাত্ৰা উলিয়াই ৰাজনীতিত একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । মাত্ৰ চাৰি মাহত এনে এক দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় ৰাজনীতিৰ ‘মাৰাথন মেন’ আখ্যা পাইছিল; কিন্তু ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত ১৯৮৪ৰ নিৰ্বাচনত চন্দ্ৰশেখৰৰ পদযাত্ৰাই বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে । অৱশ্যে সন্দেহ নাই যে ই তেওঁক ৰাষ্ট্ৰীয় ৰাজনীতিত এক বিশেষ স্থান দিছিল আৰু তাৰ ফলশ্ৰুতিতে ১৯৯০ত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল ।

ভাৰতীয় ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা এনে এক যাত্ৰা আছিল ১৯৯০ৰ লালকৃষ্ণ আদৱানীৰ ৰথযাত্ৰা । বিজেপিত যিমানেই শক্তিশালী নেতাৰ আবিৰ্ভাৱ নহওক কিয়, দলক ক্ষমতাৰ পাদপ্ৰদীপলৈ অনাৰ ক্ষেত্ৰত যে আদৱানীৰ ৰথযাত্ৰাৰ একক আৰু অনন্য প্ৰভাৱ আছিল তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে । তাৰ পৰৱৰ্তী বছৰত বিজেপিৰ তদানীন্তন সভাপতি তথা দলৰ শীৰ্ষ ত্ৰিমূৰ্তিৰ অন্যতম ড॰ মুৰলী মনোহৰ যোশীয়ে ‘একতা যাত্ৰা’ আৰম্ভ কৰাৰ সময়ত উপনিষদৰ উদ্ধৃতি দি কৈছিল, ‘আমাৰ ধৰ্মগ্ৰন্থসমূহে কৈ গৈছে– চৈৰৱতী, চৈৰৱতী…. গতিকে জীৱনটোৱে এক যাত্ৰা !’ তেওঁৰ অভিযানৰ এক ঐতিহাসিক, আধ্যাত্মিক তথা দাৰ্শনিক দৃষ্টিকোণ দাঙি ধৰাৰ বাবেই যে ড॰ যোশীয়ে এনেদৰে কৈছিল তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

শেহতীয়া সময়ছোৱাৰ এনে এক উল্লেখযোগ্য পদযাত্ৰা আছিল ৱাই এছ জগন মোহন ৰেড্ডীৰ ‘প্ৰজা সংকল্প যাত্ৰা’ । ৩৪১ দিনত ৩,৬৪৮ কিলোমিটাৰ পদযাত্ৰা কৰি জগনে অন্ধ্ৰ প্ৰদেশৰ প্ৰতিটো প্ৰান্তকে চুই যায় আৰু ২০১৯ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত একচেটিয়া বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । চলিত বছৰত সম্পন্ন হৈ যোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূবেৰ্ও ৰাজ্যখনত বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’, সমাজবাদী পাৰ্টিৰ ‘চাইকেল যাত্ৰা’, কংগ্ৰেছৰ ‘প্ৰতিজ্ঞা যাত্ৰা’ আদিকে ধৰি বিভিন্ন যাত্ৰাৰ পয়োভৰ পৰিলক্ষিত হয় । আখ্যা যিয়েই দিয়া নহওক কিয়, দৰাচলতে সেই আটাইবোৰ যে ‘ভোট যাত্ৰা’ৰহে নামান্তৰ সেয়া স্পষ্ট ।

সংশ্লিষ্ট দল আৰু নেতালৈ সাফল্য কঢ়িয়াই অনাৰ আশাতে বিভিন্ন পক্ষই এনে যাত্ৰাৰ আয়োজন কৰি আহিছে । প্ৰশ্নটো হৈছে– সকলোবোৰ যাত্ৰাই সফল হৈছেনে ? দিনে দিনে যাত্ৰাৰ সংখ্যা বৃদ্ধিয়ে ইয়াৰ গুৰুত্ব হ্ৰাস কৰি পেলোৱা বুলিও বহুতে ক’ব খোজে । তদুপৰি এনে যাত্ৰাৰ বাবে উপযুক্ত পৰিৱেশ আৰু সময় নিৰ্ধাৰণ কৰিব পৰাটোও ইয়াৰ সাফল্যৰ অন্যতম প্ৰধান কাৰণ ।

১৯৯০ত আদৱানীৰ ঐতিহাসিক ‘ৰথযাত্ৰা’ই দেশৰ ৰাজনীতিৰ পটভূমিকেই চিৰদিনৰ বাবে সলনি কৰি দিছিল; অথচ ছবছৰীয়া অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সাফল্যসমূহ দেশবাসীৰ সমুখত দাঙি ধৰাৰ উদ্দেশ্যে ২০০৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে একেজন আদৱানীয়েই উলিওৱা ‘ভাৰত উদয় যাত্ৰা’ই কিন্তু তেনে কোনো প্ৰভাৱ পেলাব নোৱাৰিলে; বৰঞ্চ বিজেপি ক্ষমতাৰ পৰা বিতাৰিত হ’বলগীয়াহে হয় । তেনেদৰেই যাত্ৰাৰ নেতৃত্ব প্ৰদানকাৰীৰ ওপৰতো ইয়াৰ সাফল্য বহুলাংশে নিৰ্ভৰ কৰে এজনে আঙুলিয়াই দিয়াৰ দৰে দ্ৰৌপদীক লগত লৈ পঞ্চপাণ্ডৱে একেলগে যাত্ৰা কৰিছিল যদিও কেৱল যুধিষ্ঠিৰহে স্বৰ্গযাত্ৰাত সফল হৈছিল ।

সাম্প্ৰতিক ডিজিটেল যুগত যোগাযোগৰ অতি শক্তিশালী মাধ্যম হৈ পৰা ছ’চিয়েল মিডিয়াৰ পৰিৱৰ্তে ৰাজনৈতিক দলসমূহে আজিও এনে যাত্ৰাৰ ওপৰতে নিৰ্ভৰ কৰাৰ আঁৰত যে ভোটাৰৰ স’তে প্ৰত্যক্ষ ব্যক্তিগত যোগাযোগ স্থাপনৰ প্ৰচেষ্টাই জড়িত হৈ আছে, তাক অস্বীকাৰ কৰাৰ উপায় নাই । কিন্তু এই সকলোবোৰৰ ওপৰত হৈছে, সংশ্লিষ্ট দল অথবা নেতাই ৰাইজৰ বাবে কি গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ বিষয় দাঙি ধৰিছে, যাক ভোটাৰ ৰাইজে গ্ৰহণ কৰিবলৈ তৎপৰ হ’ব । তাৰ ওপৰতে এনেবোৰ যাত্ৰাৰ সাফল্য নিৰ্ভৰ কৰে ।

এনে পৰিপ্ৰেক্ষিতত ‘ভাৰত জোড়ো যাত্ৰা’ই দেশবাসীৰ মাজলৈ কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে সেয়াও বিচাৰ্য । সমাজত সাম্প্ৰদায়িকৰণ, আৰ্থিক বৈষম্য আৰু কেন্দ্ৰীভূত ক্ষমতাই দেশক থান-বান কৰি পেলোৱা বুলি অভিযোগ কৰি অহা ৰাহুল গান্ধীয়ে এই বিষয়কেইটা ৰাইজৰ সমুখত দাঙি ধৰি ভাৰতক পুনৰ ঐক্যবদ্ধ কৰাৰ ধ্বনি দিছে এই যাত্ৰাৰ জৰিয়তে । অৱশ্যে ঘোষণাৰ পাছৰে পৰা এই ‘ভাৰত জোড়ো’ৰ ধাৰণা শাসকপক্ষ আৰু তেওঁলোকৰ সহযোগীসকলৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । শক্তিশালী আৰু ঐক্যবদ্ধ ভাৰতক আৰু কি ঐক্যবদ্ধ কৰিব লগা আছে বুলি প্ৰশ্ন কৰি ৰাহুল গান্ধীয়েহে দেশবাসীক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলিও এচামে মন্তব্য কৰে ।

অৱশ্যে কংগ্ৰেছ নেতাজনে কোনো ধৰণৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়াৰ পৰিৱৰ্তে নিজৰ কাৰ্যসূচীতে সম্পূৰ্ণ মনোনিবেশ কৰা পৰিলক্ষিত হৈছে । এই যাত্ৰাৰ আৰম্ভণিৰে পৰা তেওঁ পৰিধান কৰা টি-ছাৰ্ট অথবা জোতাৰ দাম, খ্ৰীষ্টান অথবা ইছলাম ধৰ্মীয় নেতাৰ স’তে কৰমৰ্দন, কেতিয়াবা কোনো অভিনেত্ৰীৰ হাতত ধৰি খোজকঢ়া আদিক লৈ ৰাহুল গান্ধী বিৰোধীৰ সমালোচনাৰ পাত্ৰ হৈ আহিছে ।

সমান্তৰালভাৱে বিভিন্ন মিথ্যা তথ্য অথবা ছবি প্ৰচাৰ কৰিও ৰাহুল গান্ধী আৰু এই যাত্ৰাক বিতৰ্কৰ মাজলৈ ঠেলি দিব বিচৰা হৈছে যদিও সেইবোৰে কংগ্ৰেছ অথবা জনমানসত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নোহোৱাটো লক্ষণীয় । অৱশ্যে এই সময়ছোৱাতে ৰাহুল গান্ধীৰ স’তে বিভিন্ন আবেগিক মুহূৰ্তই যথেষ্ট চৰ্চা লাভ কৰিছে । যাত্ৰাকালত পথে-ঘাটে লগ পোৱা বিভিন্ন দল-সংগঠন তথা সাধাৰণ লোকৰ স’তে মুকলিকৈয়ে ৰাহুল গান্ধীয়ে বাৰ্তালাপ কৰি আহিছে । সাধাৰণতে ধৰা-ছোৱাৰ বাহিৰত থকা এজন নেতাৰ স’তে এনেদৰে মনৰ ভাব বিনিময় কৰিব পাৰি সেইসকল লোক অভিভূত হোৱাটোৱে স্বাভাৱিক ।

যাত্ৰাৰ উদ্দেশ্যও সেয়াই । প্ৰতিকূল সংবাদ মাধ্যমক এৰাই পোনপটীয়াকৈ পথত নামি জনতাৰ স’তে সংযোগ স্থাপনৰ জৰিয়তে ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে এজন শক্তিশালী জননেতাৰ ভাৱমূৰ্তি গঢ়ি তোলাই লক্ষ্য । বিভিন্ন সময়ত ৰাজহুৱা অথবা সংবাদমাধ্যমৰ সন্মুখীন হোৱাৰ সময়ত ৰাহুল গান্ধীয়ে অপৰিপক্বতাৰ পৰিচয় দি বিৰোধীক যে সুবৰ্ণ সুযোগ হাতত তুলি দি আহিছে, বিগত সময়ছোৱাত সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে । একেদৰে বিজেপিয়ে নিৰ্ধাৰণ কৰা এজেণ্ডাৰ পাছত দৌৰিবলৈ গৈ ৰাহুল গান্ধীৰ নেতৃত্বতে কংগ্ৰেছে এটাৰ পাছত আনটো নিৰ্বাচনত পৰাজয় বৰণ কৰিব লগা হৈছে ।

ইয়াৰ লগে লগে দলতো পূৰ্বৰ খোপনি হেৰুৱাই পেলাইছে । অতি ঘনিষ্ঠ নেতাসকলৰে একাংশই বিজেপিত যোগ দিছে আৰু আন একাংশই নেতৃত্বৰ ব্যৰ্থতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । শাসক পক্ষৰ বিশাল ছ’চিয়েল মিডিয়াৰ নেটৱৰ্ক আৰু অধিকাংশ টিভি চেনেলৰ নিৰন্তৰ আক্ৰমণত বিব্ৰত হৈ পৰা ৰাহুলক উদ্ধাৰৰ পথ বিচাৰি উলিওৱাটো কোনোপধ্যে সহজ নাছিল ।

তদুপৰি তেওঁৰ বিৰুদ্ধে এটি গুৰুতৰ অভিযোগ হৈছে যে যেতিয়াই তেতিয়াই বিদেশ ভ্ৰমণলৈ যোৱাটো । আনকি অতি জৰুৰী দলৰ আভ্যন্তৰীণ বিষয় অথবা দেশৰ স’তে জড়িত বিষয়তো অংশ নলৈ বিদেশলৈ উৰা মাৰে প্ৰমোদভ্ৰমণৰ বাবে । গতিকে ৰাহুল গান্ধীয়ে একেৰাহে ১৫০ দিন পদযাত্ৰা সম্পূৰ্ণ কৰাক লৈ গভীৰ প্ৰশ্নচিহ্ন ৰৈয়ে গৈছে স্বয়ং কংগ্ৰেছ নেতৃত্বৰ মাজতো । এই পৰ্যন্ত দৃঢ়তােৰে কাৰ্যসূচীত নিমগ্ন হৈ থাকিলেও আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ সময়ত তেওঁ বিদেশলৈ উৰা নামাৰেতো বুলি এতিয়াও সংশয় আঁতৰা নাই ।

অৱশ্যে ৰাহুলৰ ঘনিষ্ঠ নেতাসকলে দাবী কৰিছে– কোনো প্ৰশ্নই নাই; এইবাৰ কণ্টেইনাৰতে হ’ব বৰ্ষা বৰণ । উল্লেখ্য যে যাত্ৰাৰ সময়ছোৱাত ৰাহুল গান্ধী আৰু সহযাত্ৰীসকলৰ বাবে তীখাৰ কণ্টেইনাৰকে অস্থায়ী কোঠাৰূপে সজাই তোলা হৈছে আৰু তাতেই তেওঁলোকে নৈশযাপন কৰিছে ।

যাত্ৰাত সংগ দান কৰা তথা ইয়াৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা গুৰুত্বপূৰ্ণ কংগ্ৰেছ নেতাসকলে দাবী কৰিছে যে যোৱা দুমাহৰ এই যাত্ৰাই ৰাহুল গান্ধীৰ মাজত আমূল পৰিৱৰ্তন আনি দিছে । এনেদৰে চলি থাকিলে ফেব্ৰুৱাৰীত শ্ৰীনগৰত এই যাত্ৰা শেষ হোৱাৰ পাছত এজন নতুন ৰাহুল গান্ধীক পোৱা যাব বুলি তেওঁলোক গভীৰভাৱে আশাবাদী । ইমান দিনে ৰাহুল গান্ধীৰ মাজত অভাৱ থকা মাটিৰ ৰাজনীতিৰ অভিজ্ঞতা এই যাত্ৰাই পূৰণ কৰি দিছে । গতিকে এনে এজন নেতাক এতিয়া আৰু বিজেপিয়ে পাপ্পু আখ্যা দিলে দেশবাসীয়ে সেয়া গ্ৰহণ নকৰে বুলিও কংগ্ৰেছ নেতাসকলৰ দাবী ।

যাত্ৰাকালত মূল্যবৃদ্ধি, সংস্থাপনহীনতা, কৃষকসকলে সন্মুখীন হোৱা সমস্যা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-বাণিজ্যই শেহতীয়া সময়ছোৱাত সন্মুখীন হোৱা দুৰ্গতি আদি সমাজৰ বিভিন্ন পৰ্যায়ৰ লোকক ছুই যোৱা বিষয়সমূহৰ প্ৰত্যক্ষ অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাহুল গান্ধী । গতিকে সাধাৰণ মানুহে কেনে পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, সেয়া উপলব্ধি কৰিব পাৰিছে । ফলত ৰাহুলক এতিয়া দৃঢ় আৰু অভিজ্ঞ যেন ধাৰণা কৰিছে কংগ্ৰেছে ।

যিহেতু এই দেশত সকলো ধৰণৰ ৰাজনৈতিক কুচকাৱাজ ভোটৰ অংকতে শেষ হয়, গতিকে ৰাহুল গান্ধীৰ এই যাত্ৰাই আগন্তুক নিৰ্বাচনবোৰত কংগ্ৰেছক সাফল্য আনি দিব পাৰিবনে সেয়াই বহুমূলীয়া প্ৰশ্ন । কিয়নো ১৫০ দিনীয়া যাত্ৰা অব্যাহত ৰাখিলেও ইতিমধ্যে নিৰ্বাচন ঘোষিত হোৱা গুজৰাট আৰু হিমাচল প্ৰদেশক এই যাত্ৰাই সাঙুৰি লোৱা নাই । তদুপৰি দাক্ষিণাত্যৰ ৰাজ্যকেইখনত লাভ কৰা সঁহাৰি ক্ৰমশঃ অগ্ৰসৰ হোৱা উত্তৰ ভাৰতৰ ৰাজ্যসমূহতো একেই থাকিবনে ? কিয়নো এই ৰাজ্যসমূহত কংগ্ৰেছ ইতিমধ্যে সাংগঠনিকভাৱে যথেষ্ট দুবৰ্ল হৈ পৰিছে ।

সবাতোকৈ গুৰুত্বপূৰ্ণ হৈছে, কে’বা দশকৰ পাছত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে যি অতি শক্তিশালী কেন্দ্ৰীয় চৰকাৰ চলাই আছে, তাৰ সমুখত ৰাহুল গান্ধীয়ে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হ’বনে ?

Exit mobile version