Same gender couples :বিশ্ববাসীক চমক দি একেলগে বিবাহ পাশত আৱদ্ধ হ’ল দুগৰাকীকৈ বিশ্ব সুন্দৰী

দুই সুন্দৰীয়ে ছ'চিয়েল মিডিয়াত নিজেই সদৰি কৰে এই কথা

8

Same gender couples : 

সমকামী বিবাহক ইউৰোপীয়ান বহু কেইখন দেশে স্বীকৃতি দিয়াৰ বিপৰীতে আন দেশেবোৰে এতিয়াও দিয়া নাই স্বীকৃতি ৷ আৰ্জেণ্টিনা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ পুয়েৰ্টো ৰিকো চৰকাৰে সমকামী বিবাহক ইতিমধ্যে স্বীকৃতি দিয়াৰ পিছত দেশ দুখনৰ দুগৰাকী প্ৰাক্তন সুন্দৰীৰ খিতাপ লাভ কৰা যুৱতীয়ে বিবাহ বন্ধনত আবদ্ধ হয় ৷

এগৰাকী প্ৰাক্তন মিছ আৰ্জেণ্টিনা আৰু প্ৰাক্তন মিছ পুয়েৰ্টো ৰিকোৱে ইনষ্টাগ্ৰামত তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তোলে ৷

উল্লেখ্য যে ফাবিওলা ভেলেণ্টিন আৰু মাৰিয়ানা ভাৰেলাই ২০২০ বৰ্ষত থাইলেণ্ডত অনুস্থিত হোৱা মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল প্ৰতিযোগিতাৰ সময়ত চিনাকি হৈছিল হৈছিল। আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত ফাবিওলা আৰু মাৰিয়ানাই আৰ্জেণ্টিনা আৰু পুয়েৰ্টো ৰিকোক প্ৰতিনিধিত্ব কৰিছিল।

এই প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰাৰ পিছত দুয়োগৰাকী সুন্দৰীয়ে ছ’চিয়েল মিডিয়াত অন্তৰংগ মুহূৰ্ত আৰু ডেটিং কৰি থকা দেখা গৈছিল৷ তেওঁলোকৰ এই অন্তৰংগৰ কথা অনুৰাগী সকলে জনা নাছিল ৷

কিন্তু শেহতীয়াকৈ দুই মিছ পুয়েৰ্টো ৰিকো আৰু মিছ আৰ্জেণ্টিনাই যোৱা সপ্তাহত তেওঁলোকে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা সদৰি কৰে।

এটা ইনষ্টাগ্ৰাম পোষ্টত ফাবিয়ানাই স্পেনিছ ভাষাত লিখিছিল, “আমাৰ সম্পৰ্কব্যক্তিগত ৰখাৰ সিদ্ধান্ত লোৱাৰ পিছত, আমি এটা বিশেষ দিনত আপোনাৰ বাবে দুৱাৰ মুকলি কৰি দিছো।”

স্মতৰ্ৱ্য যে তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্টত আপলোড কৰা ভিডিঅ’ত তেওঁলোকৰ ভ্ৰমণ, তেওঁলোকৰ মমবাতি জ্বলোৱা বিবাহৰ প্ৰস্তাৱ আৰু পুয়েৰ্টো ৰিকোৰ চান জুয়ানৰ এখন আদালতৰ বাহিৰত চুম্বন কৰা অৱস্থাত দেখা গৈছিল ৷

Exit mobile version