Soybean Cultivation : ওদালগুৰিত ছয়াবীনৰ খেতিৰে নতুন বিপ্লৱ অনা কৃষকক ‘অংকুৰিত অসম’ৰ উষ্ণ সম্বৰ্দ্ধনা

WhatsApp Image 2022 11 07 at 20.28.18

Soybean Cultivation :

৭০ শতাংশ কৃষিজীৱি লোক থকা অসমত খেতিৰ বতৰত এতিয়া ছন পৰি ৰৈছে বিভিন্ন প্ৰান্তৰ বহু পথাৰ । কাৰণ খেতি কৰিবলৈ অসমীয়া লোকৰ হেমাহি । চৰকাৰী অভিলাসী আঁচনিৰ কৃপাত ঘৰতে বহি চাউলৰ পৰা অন্যান্য সামগ্ৰী উপলব্ধ হোৱাৰ ফলতো একাংশৰ অনীহা বৃদ্ধি কৃষি কৰ্মলৈ । ইয়াৰ মাজতে একাংশ কৃষকে ৰাজ্যলৈ আনিছে আশাৰ বতৰা ।

ওদালগুৰিৰ সমীপৰ পথাৰত ১৮ বিঘা ভূমিত ছয়াবিনৰ খেতি কৰি লাভান্বিত হৈছে এইসকল কৃষক । ওদালগুৰিৰ দাওগালং ছয়া ছ’চাইটিৰ এই পদক্ষেপে অসমৰ কৃষকৰ বাবে কঢ়িয়াইছে আশাৰ বতৰা । কাৰণ, একে পৰিমাণৰ ভূমিত ধানৰ স্থানত ছয়া খেতি কৰিলে কৃষক একোজন উপকৃত হ’ব পাৰে চাৰিগুণ পৰিমাণে । অসমত ছয়া খেতি নহয় বুলি থকা ধাৰণা এই উদ্যমি কৃষকসকলে ভুল প্ৰতিপন্ন কৰিলে ।

এইসকল পৰিশ্ৰমী কৃষকক সন্মানিত কৰিবলৈ ‘অংকুৰিত অসম’ নামৰ সংগঠনে ক্ষেত্ৰীৰ সমীপৰ টেঘেৰিয়া জলপ্ৰপাতৰ পথত থকা কৃষি পামত আয়োজন কৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ । চৰকাৰৰ কৃষি বিভাগৰ যিটো কৰিবলগীয়া কাম সেয়া উদ্যামী ব্যক্তি নাছেৰ হুছেইৰ নেতৃত্বত ‘অংকুৰিত অসমে’ কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে । তেওঁলোকৰ মূল লক্ষ্য হ’ল অসমত ছয়াবিনৰ খেতি কৰি কৃষকসকল যে লাভান্বিত হ’ব পাৰে সেয়া প্ৰতিপন্ন কৰাটো ।

কৃষকক উৎসাহিত কৰিবলৈ ‘অংকুৰিত অসম’ৰ এই অভিনৱ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ লয় সাংবাদিক প্ৰণয় বৰদলৈয়ে । কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, এন‌ইডিএফ‌আই, নেৰামিক আদিৰ প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী মনোজ কুমাৰ দাস, কৃষি বিষয়া ভূপেন দাস, কৃষি বিজ্ঞানী ড: জয়ৰাজ ভট্টাচাৰ্য, চৰকাৰী বিষয়া মনোৰঞ্জন বৰ্মণ আদিয়েও এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লৈ ‘অংকুৰিত অসম’ৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয় ।

Exit mobile version