Onion : নতুনকৈ চুলি গজাৰ ৭ টা ঘৰুৱা হেয়াৰপেকৰ বিষয়ে জানিবলৈ পঢ়ক—

a90fa6a1 b950 4cfc bca3 d80837f9419a

Onion :

শীতকাল বুলিলেই পুৰুষ-মহিলা উভয়েৰে চুলি সৰা সমস্যাই দেখা দিয়ে । বিশেষকৈ ঠাণ্ডাদিনত মানুহৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় কাৰণে এই সমস্যা অধিক হয় । তেনেক্ষেত্ৰত ঘৰুৱা কেইমান হেয়াৰ পেক তৈয়াৰ কৰি এই সমস্যাৰ আপুনি কিছু পৰিমাণে ৰক্ষা পৰিব পাৰে ।

১/ এটা পিয়াজৰ ৰস উলিয়াই, দুচামুচ নাৰিকল তেল , আধা চামুচ নেমুৰ ৰস আৰু এচামুচ মৌৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব । এতিয়া এই মিশ্ৰণখিনি চুলিৰ আগৰ পৰা গুৰিলৈকে লগাই প্ৰায় ৩০ মিনিট সময় ৰাখি চেম্পু দি মূৰটো ধুই দিব লাগে । এনে কৰিলে আপোনাৰ চুলি ক’লা হোৱাৰ লগতে সৰাৰ সমস্যাও কিছু পৰিমাণে হ্ৰাস হ’ব ।

২/ এটা কণী ভাঙি এচামুচ মৌৰ ৰস আৰু অলপমান নেমুৰ ৰস দি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব । ইয়াৰপিছত এই পেকটো চুলিত প্ৰায় ৪০ মিনিট সময় লগাই ৰাখি চেম্পু কৰি মূৰটো ধুই দিব লাগে ।

৩/ কাষ্টাৰদ তেলৰ লগত কালজিৰাৰ তেল মিহলাই চুলিৰ গুৰিত লগাই, গৰম পানীত এখন টাৱেল তিয়াই মূৰত পকাই ৰাখিব । ২০ মিনিট ৰখাৰ পিছত টাৱেলখন আতৰাই আৰু এঘণ্টা অপেক্ষা কৰক । ইয়াৰপিছত কোমল চেম্পুৰে মূৰটো ধুই দিয়ক । এনে কৰিলেও আপোনাৰ চুলি সৰাৰ পৰা আৰম্ভ কৰি চুলিৰ বহুখিনি সমস্যা লাঘৱ হ’ব । ই হৈছে চুলিৰ এক উত্তম থেৰাপি ।

৪/ নাৰিকলৰ গাখীৰৰ লগত পকা কল মিহলাই প্ৰায় ৪০ মিনিট সময় চুলিত লগাই ৰাখিব লাগে । ইয়াৰপিছত মূৰটো চেম্পুৰে ধুই দিব লাগে ।

৫/ জৱা ফুলৰ পাহিৰ লগত কালজিৰাৰ তেল মিহলাই চুলিৰ গুৰিত লগাব লাগে । এনেকৈ প্ৰায় ৪৫ মিনিট ৰখাৰ পিছত কোমল চেম্পুৰে মূৰটো ধুই দিব লাগে ।

৬/ আমলখিৰ গুড়িৰ লগত শিলিখা গুড়ি আৰু নাৰিকল তেল মিহলাই মূৰত গুৰিত মালিচ কৰিব লাগে । এনেকৈ কিছুসময় অপেক্ষা কৰাৰ পিছত চেম্পু দি মূৰটো ধুই দিব লাগে ।

৭/ মূৰ ধুওতে কোমল চেম্পুৰ লগত অলপ এল’ভেৰা জেল মিহলাই ললেও চুলি সৰা সমস্যা লাঘৱ হয় ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো মানুহে ঘৰুৱাভাৱে ব্যৱহাৰ কৰা কিছু বিধান । চুলিৰ জটিল সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version