Viral : ৪০ দিন ধৰি ৪০টা মু্ৰ্গী খাই ‘চিকেন মেন’ হ’ল যুৱক !

images 2

Viral :

মুৰ্গী মাংস খাবলৈ কোনে ভাল নাপায় ! কিন্তু সদায় এটাকৈ মুৰ্গী খোৱাৰ কথা বোধহয় খুব কম লোকেই ভাবিব পাৰে । এ‌ই কাণ্ডই কৰি দেখুৱাইছে আমেৰিকাৰ এজন যুৱকে । একেৰাহে ৪০ দিন ধৰি ৪০টা গোটা মুৰ্গী অকলে খাই চমক দিছে তেওঁ । তেওঁৰ এই কীর্তি প্রকাশ্যত অহাৰ পাছতেই সামাজিক মাধ্যমত হৈ চৈ আৰম্ভ হৈছে ।

৩১ বছৰ বয়সৰ আলেকজেণ্ডাৰ টমিনস্কিক এতিয়া ‘ফিলাডেলফিয়াৰ চিকেন মেন’ বুলি কোৱা হয় । সামাজিক মাধ্যমত খাদ্যক ৰৈ অনেকেই নানা ধৰণৰ চেলেঞ্জ কৰি দেখুৱায় । তেনে ধৰণৰে এক চেলেঞ্জ হিচাপে গোটা মুৰ্গী খোৱাৰ সিদ্ধান্ত লৈছিল এই যুৱকে । নিজৰ লক্ষ্যপূৰণ কৰিবলৈ সেয়ে ৪০ দিন ধৰি ৪০টা মুৰ্গী খাইছে ।

‘দ্য নিউ ইয়র্ক টাইমছ’-ক যুৱকজনে জনাইছে যে, আনক আনন্দ দিবৰ বাবে কিছু কষ্ট কৰিবলগীয়া হৈছে । নিতৌ এটাকৈ মুৰ্গী খোৱা শৰীৰৰ পক্ষত খুব এটা স্বাস্থ্যকৰ নহয়, সেইটোৱে বুজাব বিচাৰিছে তেওঁ । অৱশ্যে জানিব পৰা গৈছে, একেৰাহে ৪০ দিন তেওঁ কেৱল মুৰ্গীয়ে খাইছে । তেওঁৰ খাদ্যৰ প্লেটত আন একো নাছিল ।

নিজৰ টুইটাৰ একাউন্টত নিতৌ মুৰ্গী খোৱা প’ষ্ট কৰিছিল আলেকজেণ্ডাৰে । তাৰ পাছত তেওঁ ৪০তম দিনাখন মাংস খোৱা এৰিছিল । যোৱা ছয় নৱেম্বৰ আছিল তেওঁৰ মুৰ্গী খোৱা ৪০তম দিন । ইয়াৰ পূৰ্বে জনসাধাৰণক আমন্ত্রণ জনাই চহৰৰ নানা প্রান্তত প’ষ্টাৰ দিছিল ।

শেষ দিনাখন গোটা মুৰ্গী খোৱাৰ আয়োজন কৰা হৈছিল ডেলাৱাৰ নদীৰ পাৰত । তাত ৰেড কার্পেটো পৰা হৈছিল । ছবিত দেখা গৈছে, জনতাৰ উচ্ছ্বাসৰ মাজতেই তেওঁ ৪০তম দিনত মুৰ্গীৰ স্বাদ আস্বাদন কৰিছে । তাৰ পাছত চেলেঞ্জ সম্পূর্ণ কৰা পাছত তেওঁক আনন্দত মতলীয়া হোৱা দেখা যায় ।

 

Exit mobile version