Accident : উতলা দালিত পৰি মৃত্যুপাঁচ বছৰীয়া শিশুৰ

images 1 4

Accident :

পাঁচ বছৰীয়া শিশুৰ মুণ্ডন অনুষ্ঠানত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা । গৰম দালিৰ গামলাত পৰি মৃত্যু হ’ল শিশুটিৰ । এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ কৰণপুৰ চুটাৰী গাঁৱত । গাঁওখনত শোকৰ ছাঁ ।

প্ৰাপ্ত তথ্য অনুসৰি, পেছাত কৃষক সুশীল সিঙৰ পাঁচ বছৰীয়া পুত্ৰ প্ৰশান্তৰ মুণ্ডান অনুষ্ঠান উপলক্ষে কৰণপুৰ চুটাৰী গাঁৱত পূজাৰ আয়োজন কৰা হয়।

ঘৰত বহুতো মানুহৰ সমাগম ঘটে। ঘৰৰ আন এটা কোঠাত ৰন্ধন চলি আছে। সৰু প্ৰশান্তে তেওঁৰ বন্ধুবৰ্গৰ স’তে খেলি আছিল। আৰু তাতে এটা ডাঙৰ পাত্ৰত ৰখা হয় গৰম দালি ।

খেলি থাকোতে প্ৰশান্ত হঠাতে উতলা দালিত পৰে । অনুষ্ঠানস্থলীত হুলস্থূলৰ সৃষ্টি হয় । শিশুটোক লৈ তেঁওৰ মাক আৰু বাপেক চিকিৎসালয়লৈ যায় । কিন্তু শিশটোৱে ৰাস্তাতে মৃত্যুবৰণ কৰে।

সুশীলে জনাইছে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে অতিথিসকলক প্ৰশান্তৰ স’তে আদৰণি জনাইছিল। সেই সময়ত, প্ৰশান্ত ঘৰৰ ভিতৰত তেওঁলোকৰ শোৱনি কোঠালৈ যায়।

তাত গৈ তেওঁ বিছনাত জঁপিয়াই থাকে । তাৰ পাছত হঠাতে সি ভৰি পিছলি মজিয়াত পৰে। “আমি আমাৰ পুত্ৰৰ স’তে ওচৰৰ এখন চিকিৎসালয়লৈ গৈছিলো। তাৰ পৰা, তেওঁক মিৰাটৰ এখন চিকিৎসালয়লৈ লৈ যাবলৈ কোৱা হয়। মিৰাটলৈ যোৱাৰ পথত প্ৰশান্তৰ মৃত্যু হয়। ”

আমৰোহাৰ আৰক্ষী অধীক্ষকে হয় যে এতিয়ালৈকে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। যদি কোনো অভিযোগ থাকে, বিষয়টো তদন্ত কৰা হ’ব।

Exit mobile version