Amitabh Bachchan : ‘’বিনোদন বিনোদন’’ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ফিটনেচ ৰহস্য কি জানেনে ?

WhatsApp Image 2022 11 09 at 14.20.12

Amitabh Bachchan :

বলীউডৰ অভিনয় জগতত কোটি কোটি টকা ধন ঘটা বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ খাদ্য তালিকা শুনিলে আপোনাৰো চকু কপালত উঠিব । ৮০ বছৰ গৰকা মেগাষ্টাৰ গৰাকী কেনেকৈ এতিয়াও ফিট হৈ আছে ? দৈনিক কি খায় জনপ্ৰিয় তাৰকা গৰাকীয়ে ?

মেগাষ্টাৰগৰাকীৰ ফিটনেচক লৈ সকলোৰে কৌতুহলৰ অন্ত নাই । অৱশেষত নিজৰ ডায়েটৰ ৰহস্য ৰাজহুৱা কৰিছে বিগ বিয়ে ।

সুস্থ শৰীৰৰ বাবে স্বাস্থ্যকৰ খাদ্য সংযোগ কৰিব লাগে খাদ্য তালিকাত । বিগ বি য়েও দৈনিক কঠোৰ ডায়েট মানি চলে । পূৰ্বতে যিবিলাক খাদ্য বিগ বিয়ে ভাল পাইছিল , বৰ্তমান এই সকলো প্ৰিয় খাদ্য বাদ দিছে। বিপৰীতে ডায়েটিছিয়ানে বান্ধি দিয়া নিয়ম অনুসৰি খাদ্য খাইছে ষ্টাৰগৰাকীয়ে । এতিয়া প্ৰশ্ন উঠিছে , কি কি আছে বচ্চনৰ এই খাদ্য তালিকাত ? সম্প্ৰতি ‘কৌন বনেগা কৌৰপতি’’ অনুষ্ঠানত বিগ বিৰ এই গোপন ৰহস্য ফাদিল হৈছে ।

দৰাচলতে বচ্চনে বঙালী খাদ্যসম্ভাৰ খুব ভাল পাইছিল । ঠিক তেনেকৈ বঙালী সকলৰ মাছৰ ব্যঞ্জন বচ্চনৰ অন্যতম প্ৰিয় খাদ্য আছিল । এই কথা ষ্টাৰগৰাকীয়ে কৌৰপতিৰ মঞ্চত নিজে স্বীকাৰ কৰিছে । এদিন এজন প্ৰতিযোগীয়ে বিগ বিক প্ৰশ্ন কৰিছিল যে , জয়া জীয়ে কি মাছ খাই ভাল পায় ? বচ্চনে উত্তৰ দিছিল যে জয়া জীয়েও মাছ খাই ভাল পায় । পুনৰ অনুৰাগীগৰাকীয়ে সুধিছিল , কি আপুনিও মাছ খাই ভাল পায় ? বচ্চনে লগে লগেই কৈছিল , হয় মইও সকলো প্ৰকাৰৰ মাছ খাই ভাল পাওঁ ।

বচ্চনে নিজেও মাছ পছন্দ কৰে ঠিকেই , কিন্তু ডায়েটৰ বাবে বৰ্তমান মাছৰ লগতে আৰু বহু খাদ্য অমিতাভে বাদ দিবলগীয়া হৈছে । যেতিয়া বয়স কম আছিল , বচ্চনে মাছ , মাংসৰ পৰা মিঠাই সকলো খাই ভাল পাইছিল। এতিয়া মাছ , মাংস আৰু মিঠাই কোনো খাদ্যই মুখত নিদিয়ে । সকলো এৰি দিছে ।

এনেকৈ কয় তেওঁ ৰৈ গৈছিল । সেইদিনা প্ৰতিযোগী বিদ্যা উদয় ৰেদকৰেৰ লগত বচ্চনে এনেদৰে আনন্দ প্ৰকাশ কৰি আড্ডা কৰা দেখা গৈছিল । ইয়াৰপিছত পুনৰ বিদ্যায়ে কৈছিল , মানুহ এইখন মঞ্চত টকাৰ কাৰণে আহে , মই কিন্তু আপোনাক লগ পাবলৈ আহিছো । মোৰ ২২ বছৰীয়া সাধনাৰ ফল মই আজি লাভ কৰিছো ।

উল্লেখ্য যে , বাৰ্ধক্যজনিত সমস্যা তথা হজমৰ সমস্যাৰ সমান্তৰালকৈ ইউৰিক এচিডৰ বাবে অমিতাভে বহু খাদ্য বাদ দিবলগীয়া হৈছে । বিশেষ কৈ বিগ বিয়ে আমিষ খাদ্য একেবাৰে পৰিহাৰ কৰিবলগীয়া হৈছে । বৰ্তমান তেওঁ শুই উঠিয়েই শৰীৰ চৰ্চা কৰি প্ৰোটিনযুক্ত পানীয়ৰ লগত কেইখিলামান তুলসী পাত খায় । ইয়াৰপিছতে দিনটোত নিয়ম মানি পৰিমিত আহাৰ গ্ৰহণ কৰে । কিন্তু এই খাদ্য তালিকাত মাছ , মাংস , কণী আদি একো নাথাকে ।

Exit mobile version