Back pain : আপোনাৰ মাহেকীয়া হোৱাৰ সময়ত কঁকালৰ বিষ হৈ নেকি ? এই উপায় অৱলম্বন কৰিলে সহজেই পাব আৰাম —-

images 2 1

Back pain :

বহু মহিলাৰ মাহেকীয়া হোৱা সময়ত কঁকালৰ বিষ হোৱা দেখা যায় । বহু চেষ্টা কৰিও এই বিষৰ পৰা আৰাম পাব নোৱাৰে । অসহ্য বিষত জীৱন হৈ পৰে ভয়ংকৰ । কিন্তু খুব সহজ উপায়েৰে এই বিষময় জীৱনৰ পৰা মুক্তি পাব পাৰি ।

১/ মাহেকীয়া হোৱা সময়ত অতি কমেও ২ ৰ পৰা ৩ ঘণ্টা পৰ্যন্ত বেছিকৈ টোপনি যাব লাগে । এনে কৰিলে শৰীৰটোৱে বেছিকৈ বিশ্ৰাম লাভ কৰে আৰু বিষৰ পৰিমাণো কমি যায় ।

২/ এনে ধৰণৰ কঁকালৰ বিষৰ পৰা মুক্তি পাবলৈ কিছু সহজ ব্যায়াম কৰা প্ৰয়োজন । কিন্তু মনত ৰাখিব যে , আপুনি কৰিবলৈ লোৱা ব্যায়াম কেইটা সাধাৰণ ব্যায়াম হয় যাতে আপুনি মাহেকীয়া হোৱাৰ সময়তো কৰিব পাৰে । কাৰণ ব্যায়ামে শৰীৰৰ ৰক্ত সঞ্চালন সঠিক কৰি ৰাখে আৰু পেশীয়ে আৰাম পায় ।

৩/ মাহেকীয়াত হোৱা কঁকালৰ বিষত কেতিয়াও হট থেৰাপি নল’ব । হট থেৰাপিয়ে দেহৰ ৰক্ত চলাচল বৃদ্ধি কৰি শৰীৰটো কোমল কৰি দিয়ে । যি কম সময়ৰ বাবে বিষৰ উপশম কৰে যদিও পুনৰ বিষৰ প্ৰকোপ বৃদ্ধি পাব পাৰে । তাতোকৈ মাহেকীয়াৰ সময়ত কঁকালৰ বিষ হ’লে গৰম পানীৰে স্নান কৰিব লাগে ।

৪/ বিষ অধিক হ’লে বডি পাতলীয়া মাচাজ কৰিব পাৰে ।

৫/ মাহেকীয়া হোৱা সময়ত প্ৰচুৰ পানী খোৱাৰ লগতে ফল-মূল খাব লাগে । এই অভ্যাসে আপোনাৰ কঁকালৰ বিষ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে ।

বি : দ্ৰ : এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো গুৰুতৰ অসুবিধা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version