Fishing : অসমীয়া সমাজ জীৱনৰ এক চহকী পৰম্পৰা

জামলাইত সমূহীয়াভাৱে খালত মাছ ধৰিছে শতাধিক লোকে

Fishing :

চৌদিশে ৰাস মহোৎসৱ । চলিছে কৃষ্ণ লীলা । ৰাসৰ আনন্দ উল্লাসৰ মাজতে একাংশই সমূহীয়াভাৱে মাছ ধৰিছে খাল বিলসমূহত ।

নগৰবেৰাৰ জামলাইত আজি সমূহীয়াভাৱে মাছ ধৰা হৈছে । নগৰবেৰাৰ সমীপৰ জামলাই বিলত লগে-ভাগে মাছ ধৰিছে একাংশ জনজাতীয় পুৰুষ মহিলাই ।

ধূপধৰা, হাঁহিম, বন্দাপাৰা, বকো আদিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা প্ৰায় পাঁচ শতাধিক জনজাতীয় পুৰুষ মহিলাই বিলত নামি ধৰিছে মাছ । কঁকালত খালৈ লৈ কোনোবাই জাল, কোনোবাই আকৌ জাকৈ পলোৰে মাৰিছে মাছ ।

বৰালী, শোল, পুঠি, খলিহনা, কাৱৈ আদি বিবিধ থলুৱা মাছ ধৰাৰ লগতে একাংশ জনজাতীয় মহিলাই সংগ্ৰহ কৰিছে শামুক । দূৰদূৰণিৰ পৰা শ শ জনজাতীয় লোকে জামলাই বিলত প্ৰায়েই আহে মাছ মাৰিবলৈ । বিলখনত থলুৱা মাছ মাৰিবলৈকে আহে জনজাতীয় লোক সকল ।

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সমূহীয়াকৈ মাছ ধৰা অসমীয়া সমাজ জীৱনৰ এক চহকী পৰম্পৰা । আজিও বৰ্তি আছে এই পৰম্পৰা ।

Exit mobile version