Food : শুকান ৰুটি বহু দেৰিলৈকে কোমল কৰি ৰখাৰ কৌশলৰ বিষয়ে জানিবলৈ পঢ়ক —–

60a196e4 4b99 4158 9a3e 0f6690164fdb

Food :

বহুতেই বহু কষ্ট কৰিও ঠিকমতে ৰুটি বনাব নোৱাৰে । আচলতে আটা মঠাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে । বহুতৰে আকৌ ৰুটিখন ধুনীয়াকৈ ফুলি উঠে যদিও কিছু সময়ৰ পিছত মৰহি যোৱা দেখা যায় । সেইয়েহে আজি আমি আপোনালোকক বহু দেৰিলৈকে ৰুটি কোমল কৰি ৰখাৰ কৌশল অৱগত কৰিম ।

১/ ভুচিযুক্ত আটা ব্যৱহাৰ কৰিলে ৰুটি নৰম হৈ থাকে । যিহেতু ভুচিযুক্ত আটাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । আটা মঠাৰ আগতে অলপ নিমখ দি এচামুচ তেল দি মঠিব লাগে ।

২/ আটা সদায় কুহুমীয়া গৰম পানীৰে মঠিব লাগে । গৰম পানী দি আটা মঠিলে ৰুটিখন কোমল হয় আৰু এই ৰুটিৰ সোৱাদো ভাল হয় ।

৩/ আটা খুব বেছি শক্তি প্ৰয়োগ কৰি মঠিব নেলাগে । আৰু খুব বেছি নৰম কৰিও মঠিব নেলাগে । যদি আটা মাৰোতে আঙুলিত আটা লাগি নাহে , তেতিয়া জানিব যে , আপোনাৰ আটা মঠাটো ভাল হৈছে ।

৪/ আটা মঠা হ’লে অন্তত ১৫ মিনিট ঢাকোন মাৰি থৈ দিয়ক । অৱশ্যে খুব বেছি সময় ৰাখিব নেলাগে । বেছি সময় ৰাখিলে আটা বেলিবলৈ অসুবিধা হয় । নিৰ্দিষ্ট সময়ৰলৈকে ৰাখিলে ৰুটিখনো বহু দেৰিলৈকে কোমল হৈ থাকে ।

৫/ ৰুটী সদায় পাতলকৈ বেলিব লাগে । পাতলকৈ বেলা ৰুটি ভালকৈ ফুলাৰ লগতে বহু সময়ৰলৈকে কোমল হৈ থাকে ।

৬/ টাৱাখন ৰুটি সেকাৰ বহু সময়ৰ আগতে গৰম কৰি ৰাখিব লাগে । আচলতে টাৱাখন দুয়ো ফালে গৰম কৰিব লাগে । এনে কৰিলে ৰুটি কেতিয়াও জালি ব্যৱহাৰ নকৰাকৈ ফুলি উঠিব ।

৭/ ৰুটী কেতিয়াও দুবাৰ সেকিব নেলাগে । তেনে কৰিলে ৰুটিখন টান হৈ যোৱাৰ সম্ভাৱনা থাকে ।

৮/ ৰুটি সেকা হ’লে টাৱাত সামান্য পানী চটিয়াই ৰুটিখন ভিজাই ৰাখিব লাগে । পিছত হটকেছত ভালকৈ ঢাকোন লগাই থৈ দিব লাগে । এনে কৰিলে ৰুটী কেতিয়াও টান নহয় ।

৯/ ৰুটি সেকা হ’লে পাত্ৰত এখন তিতা কাপোৰ ৰাখি তাৰ ওপৰত ৰুটি কেইখন ৰাখিব লাগে । তেতিয়াও ৰুটি বহু দেৰিলৈকে কোমল হৈ থা

Exit mobile version