Korean Cigarette seized in Guwahti : মহানগৰীত শুল্ক বিভাগৰ মাৰাথন অভিযানত জব্দ সাত কোটি কোৰিয়ান চিগাৰেট,আটক সৰবৰাহকাৰী

faa931a7 4998 4934 887c 0fec57ac9f15

Korean Cigarette seized in Guwahti :

উত্তৰ- পূৰ্বৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী শেহতীয়াকৈ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ দি একাংশ চোৰাং সৰবৰহকাৰীয়ে অব্যাহত ৰাখিছে চোৰাং কাৰবাৰ ৷ ইতিমধ্যে মহানগৰৰ পল্টন বজাৰ ৰে’ল ষ্টেচন সহ কেতবোৰ স্থানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু সোন ৷

আজি ভাৰত চৰকাৰৰ শুল্ক বিভাগে মহানগৰীৰ জু- ৰোড আৰু অম্বিকা নগৰত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট ৷


উল্লেখ্য যে ব্লু’ডাৰ্ট কুৰিয়াৰত চলি থকা বিদেশী চিগাৰেটৰ ৰমৰমীয়া ব্যৱসায়ৰ বিষয়ে সম্ভেদ পাই কাষ্টম বিভাগে মহানগৰীৰ দুয়োটা স্থানত অভিযান চলাইছিল ৷ অভিযানত জব্দ হয় কোৰিয়ান ‘Esse Light Super Slim’ ৰ ৪৫,৫৪,৬২৬ টা চিগাৰেট ৷ যাৰ মূল্য প্ৰায় ৭,৩৫,৫৬,৬৮০ টকা৷ লগতে আটক কৰা হয় এজন সৰবৰাহকাৰী ৷ একেদৰে জব্দ হয় এখন বিলাসী বাহন ৷

Exit mobile version