Tripura : ত্ৰিপুৰাত নকল মুদ্ৰাৰ স’তে আটক দুই মিজো যুৱক

ddec9dbf 5cc7 4851 ba23 c170f530cfec

Tripura :

প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ আইএছবিটি (আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস)ত আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে অভিযান চলাই দুজন মিজো যুৱকক নকল ভাৰতীয় মুদ্ৰা সহ আটক কৰে ৷ মিজোৰামৰ বাসিন্দা ধৃত যুৱকদ্বয়ৰ পৰা জব্দ কৰে ১.২১ লাখ টকাৰ জাল ভাৰতীয় মুদ্ৰাৰ ।

আটকাধীন যুৱক দুজনক বাবুল কৃষ্ণ চকমা আৰু ৰাজেশ চাকমা বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে ধৃত যুৱক দুজনক অধিক তথ্যৰ বাবে আগৰতলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version