Volodymyr Zelenskyy: অস্কাৰ পালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ! কিন্তু কি কৰি ?

1667991679 new project 2022 11 09t163024 457

Volodymyr Zelenskyy :

একেৰাহে দুবছৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ একাডেমী বঁটা লাভ কৰিলে হলিউডৰ অভিনেতা ছন পেনে ।

সেই দুইয়োটা অস্কাৰৰ ভিতৰত এটা অস্কাৰ তেওঁ সম্প্ৰতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক দিয়ে ।

ইউক্ৰেইন ভ্ৰমণত কিয়েভলৈ গৈছিল ছন । তাত জেলেনস্কিয়ে তেওঁক ‘অৰ্ডাৰ অফ মেৰিট’ সন্মান প্ৰদান কৰে । সেই সময়ত, ছনে জেলেনস্কিক তেওঁৰ এটা অস্কাৰও দিয়ে ।

এজন দক্ষ অভিনেতা হোৱাৰ উপৰিও, ছন ৰাজনৈতিক ভাৱেও যথেষ্ট সচেতন । ৰুছ-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত তেওঁ যুদ্ধৰ হিংসাক তীব্ৰ সমালোচনা কৰে ।

শেহতীয়াকৈ এটা আন্তৰ্জাতিক সংবাদ মাধ্যমৰ স’তে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, “… ইউক্ৰেইনত কি ঘটিছে দেখি মই আচৰিত হৈছিলো। কিন্তু সেই সময়ত ছন যিদৰে সাহস, বুদ্ধিমত্তা, প্ৰেম আৰু আত্মসন্মানৰ প্ৰতীক হৈ পৰিছিল, সেয়া মোৰ বাবে সঁচাকৈয়ে প্ৰশংসনীয়। ”

Exit mobile version