Borak Bondh: ১৮ নৱেম্বৰত বৰাক উপত্যকা বন্ধৰ আহ্বান বৰাক ডেমক্ৰেটিভ ফ্ৰন্টৰ

efdb8618 f7c7 467d a1a9 b9debc37a139

Borak Bondh :

১৮ নৱেম্বৰত বৰাকত ১২ ঘন্টীয়া বন্ধ ঘোষণা কৰিছে বহু বিতৰ্কিত প্ৰদীপ দত্ত ৰয় নেতৃত্বাধীন বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে ৷ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বৰাক বন্ধৰ ঘোষণা কৰি বহুবল্কী বাঙালী নেতাজনে কয়,দীৰ্ঘদিন ধৰি বৰাকৰ নিবনুৱাৰ প্ৰতি বৈষম্য আৰু শেহতীয়াকৈ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলংত বঙালী নিৰ্যাতনৰ প্ৰতিবাদত এই বৰাক বন্ধৰ আহ্বান কৰিছে বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে ৷

অসম চৰকাৰে শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বৰাক উপত্যকাবাসীৰ প্ৰতি বৈষম্য কৰা হৈছে বুলি প্ৰদীপ দত্তই অভিযোগ কৰি কয়, দুই পদৰ নিযুক্তি পৰীক্ষাত বৰাকত তিনি শতাংশ নিবনুৱায়োও স্থান পোৱা নাই ৷ কিন্ত ইয়াৰ বিপৰীতে এপিএছছিত বৰাকৰ মেধাবী সকল জিলিকিছে ৷

আনহাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উপত্যকাটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি স্থানীয় যুৱক- যুৱতীক প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছিল ৷

কিন্ত দিছপুৰৰ গাদীত বহাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো প্ৰতিশ্ৰুতি পাহৰিলে ৷আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানীত এটা সমদলত বঙালীলোকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল ৷ এইবোৰ ইস্যু লৈয়ে বৰাক ডেমক্ৰেটিভ ফ্ৰন্টে বৰাক বন্ধ দিবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰে প্ৰদীপ দত্ত ৰয়ে ৷

Exit mobile version