Panchayat Election : ২২ বছৰ পাছত দাৰ্জিলিঙত পুনৰ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

Vote voting polling polls elections

Panchayat Election :

২২ বছৰ পাছত পুনৰ দাৰ্জিলিঙত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাজ্যৰ অন্যান্য জিলাসমূহৰ স’তে আগন্তুক বছৰত দাৰ্জিলিঙতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । অৱশ্যে অন্যান্য জিলাৰ দৰে ই‌য়াত ত্রিস্তৰীয় নহয়, নিৰ্বাচন হ’ব দ্বিস্তৰীয় পঞ্চায়তত ।

ইতিমধ্যে দার্জিলিঙত নির্বাচন প্রস্তুতি আৰম্ভ হৈছে । নিৰ্বাচনত তীক্ষ্ণ দৃষ্টি ৰাখিছে গৃহ আৰু পার্বত্য বিষয়ক দপ্তৰ আৰু নির্বাচন আয়োগে । দার্জিলিংসহ সকলো জিলাতেই অঞ্চলত পুনর্বিন্যাসৰ কাম আৰম্ভ কৰিছে আয়োগে ।

প্রায় ২০ বছৰ পাছত দাৰ্জিলিঙত পঞ্চায়ত নির্বাচন যথেষ্ট তাৎপর্যপূর্ণ । কাৰণ, সাম্প্রতিক সময়ত দাৰ্জিলিঙত তৃণমূলৰ শক্তি বৃদ্ধি হৈছে । সেই ক্ষেত্রত শাসক দলে যদি কিছু আসন পায় অৱশ্যে এই অঞ্চলৰ ৰাজনৈতিক সমীকৰণ যথেষ্ট সলনি হ’ব পাৰে । ২০২৪-ৰ লোকসভা নিৰ্বাচনতো তাৰ প্রভাৱ অব্যাহত থাকিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলে ।

প্রসংগত, দাৰ্জিলিঙত অন্তিম পঞ্চায়ত নিৰ্বাচন হয় ২০০০ত । ২২ বছৰ পাছত এইবাৰ দ্বিস্তৰীয় নির্বাচন হ’ব ৭০টা গাঁও পঞ্চায়ত আৰু পাঁচটা পঞ্চায়ত সমিতিৰ বাবে ।

প্রশাসনৰ অনেকেই ধাৰণা কৰিছে, যদি নৱ নির্বাচিত পঞ্চায়ত আৰু সমিতি জিটিএ-ৰ স’তে সমন্বয় ৰাখি শাসন কৰিব পাৰে তেন্তে অঞ্চলৰ বহু সেৱা সংক্রান্ত সমস্যাৰ সমাধান হ’ব ।

দাৰ্জিলিঙত ৰাজনৈতিক দলসমূহৰ একাংশৰ দাবী ত্রিস্তৰীয় পঞ্চায়ত অনুষ্ঠিত হ’ব লাগে । ১৯৮৮ত দার্জিলিং গোর্খা হিল কাউন্সিল (ডিজিএইছচি) গঠন হোৱাৰ পাছত সিন্ধান্ত হয় দাৰ্জিলিঙত ত্রিস্তৰীয় পঞ্চায়তৰ পৰিৱৰ্তে দ্বিস্তৰীয় পঞ্চায়ত নির্বাচন হ’ব । এই সিদ্ধান্ত সংবিধানতো অন্তর্ভুক্ত হয় ।

কিন্তু পৰৱর্তীকালত ডিজিএইছচি-ৰ সলনি আহে জিটিএ (গোর্খা টেৰিটৰিয়েল এডমিনিষ্ট্ৰেছন) । ত্রিস্তৰীয় পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে সংবিধান সংশোধন কৰিব লাগিব । সেয়ে সম্প্ৰতি দুই স্তৰত নির্বাচনৰ পৰিকল্পনা কৰা হৈছে ।

Exit mobile version