Guwahti Fire :
মহানগৰীৰ ৩নং গেটৰ টকৌবাৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ এটা বিল্ডিঙৰ ওপৰৰ মহলাত থকা ৩টাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মিভূত ৷
বহুবছৰ ধৰি ঘৰটোত ভাৰা আছিল ওম প্ৰকাশ মাহাট’ নামৰ এজন ব্যৱসায়ী৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭ লক্ষ্যাধিক টকাৰ সা-সম্পত্তিৰ ভষ্মিভূত হয় ৷
ঘৰৰ ভিতৰৰ কোঠাত ৭মহীয়া সন্তান সহ ওমপ্ৰকাশ নামৰ ব্যক্তি এজন ,তেওঁৰ পত্নী আৰু মাক উপস্থিত আছিল ৷ ওমপ্ৰকাশৰ পত্নিয়ে বাহিৰলৈ চায় আৰু দেখা পায় জুই ৷
বাওঁফালৰ দুটা কোঠাৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ অৱশ্যে ঔমপ্ৰকাশৰ পৰিয়াল কোনো হানিবিঘিণি নোহোৱাকৈ নিৰাপদে বিল্ডিংটোৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷
জুইৰ লেলিহান শিখাই পলকতে বিল্ডিংটোৰ ওপৰত থকা তিনিওটা কোঠা আগুৰি ধৰে ৷ফলত সম্পূৰ্ণাৰূপে ভস্মীভূত হয় কোঠা কেইটা ৷
অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ ক্ষতি হোৱা নাই যদিও বৃহৎ পৰিমাণৰ সম্পত্তি লোকচান হয় ৷ আনহাতে ঘটনাথলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হয় সেয়া ৰহস্যৰ আৱৰ্তত ৷