Leopard Cat :
মহানগৰীত ক্ৰমাৎ বনাঞ্চল সংকুচিত হৈ অহাৰ লগে লগে বন্যজন্ত খাদ্যৰ সন্ধানত ঢাপলি মেলে জনাঞ্চললৈ ৷
ADVERTISEMENT
মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছি লেছিয়া নগৰত আজি স্থানীয় লোকে জংঘল চাফা কৰি থাকোতেই পৰিত্যক্ত কুঁৱা এটাত প্ৰত্যক্ষ কৰে এটা লতামাকৰি ৷
পিছত বন বিভাগক খবৰ দিয়াত বহু চেষ্টাৰ অন্তত কুঁৱাটোৰ পৰা লতামাকৰি বাঘটো উদ্ধাৰ কৰে ৷ সন্দেহ কৰা মতে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহোঁতেও কুঁৱাটোত পৰে লতামাকৰিটো ৷
ইতিমধ্যে লতামাকৰি বাঘটো গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷