Union Minister Nitin Gadkari : উত্তৰ-পূব মুখ্যমন্ত্ৰীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী

সংবাদমেল সম্বোধন গাডকাৰীৰ, Fast tag ৰ বিপৰীতে নম্বৰ প্লেটৰ জৰিয়তে সংগ্ৰহ হ'ব মাচুল

WhatsApp Image 2022 11 11 at 20.09.10

Union Minister Nitin Gadkari :

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মহানগৰীৰ ৰেডিচন ব্লু’ত আজি উত্তৰ-পূবৰ চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ স’তে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷

বৈঠকত বৃহত্তৰ অঞ্চলটোত যোগাযোগ ব্যৱস্থা সূচল আৰু দীৰ্ঘম্যাদী কেইবাটাও প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্তৰ কথা সদৰি কৰি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতা বিচাৰি কয় যে ইথানেল উৎপাদন কৰাত এতিয়াৰ পৰা গুৰুত্ব আৰোপ কৰা হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং, অৰুনাচল প্ৰদেশ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু,মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা,ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড:মানিক সাহা,মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিংৰ উপৰিও  জ্যেষ্ঠ মন্ত্ৰী আৰু শীৰ্ষ বিষয়া- বৰ্গ উপস্থিত থাকে ৷

আনহাতে পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে হোটেল ৰেডিচন ব্লু’ত এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে বাঁহ আৰু ধানৰ পৰা উৎপাদন কৰা ইথানল তেল এতিয়াৰ পৰা পেট্ৰলত বৃদ্ধি হ’ব ইথানলৰ পৰিমাণ। বাঁহ । একেদৰে অত্যাধুনিক সা-সুবিধাযুক্ত বিমানকোঠৰ আৰ্হিত বাছ কোঠ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে।

মন্ত্ৰী গাডকাৰীয়ে উত্তৰ-পূবাঞ্চলৰ ৰাজ্য কেইখনৰ যোগাযোগ ব্যৱস্থা উন্নতমানৰ সুচল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

মন্ত্ৰী সংবাদমেলত আৰু কয় ২০২৪ ৰ পিছত অঞ্চলটোৰ পথ আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰায় ২ লাখ কোটি টকা বিশেষ পুঁজি মোকোলাই দিয়াৰ কথা ঘোষণা কৰে। ইতিমধ্যে অঞ্চলটোত ৰূপায়ণ হৈ থকা তিনি লাখ কোটিৰ কাম আগন্তুক ২০২৪ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে আৰু কয় যে, টোল গেটত নতুন পদ্ধতিৰে মাচুল সংগ্ৰহৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ ফাষ্ট টেকৰ বিপৰীতে শীৰ্ঘে যান-বাহনৰ নাম্বাৰ প্লেটৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব মাচুল ৷ এই সকলোবোৰ ব্যৱস্থা নতুন ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ’ব টোল সংগ্ৰহ ৷

Exit mobile version