Union Minister Nitin Gadkari :
দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মহানগৰীৰ ৰেডিচন ব্লু’ত আজি উত্তৰ-পূবৰ চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ স’তে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷
বৈঠকত বৃহত্তৰ অঞ্চলটোত যোগাযোগ ব্যৱস্থা সূচল আৰু দীৰ্ঘম্যাদী কেইবাটাও প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্তৰ কথা সদৰি কৰি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতা বিচাৰি কয় যে ইথানেল উৎপাদন কৰাত এতিয়াৰ পৰা গুৰুত্ব আৰোপ কৰা হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে হোটেল ৰেডিচন ব্লু’ত এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে বাঁহ আৰু ধানৰ পৰা উৎপাদন কৰা ইথানল তেল এতিয়াৰ পৰা পেট্ৰলত বৃদ্ধি হ’ব ইথানলৰ পৰিমাণ। বাঁহ । একেদৰে অত্যাধুনিক সা-সুবিধাযুক্ত বিমানকোঠৰ আৰ্হিত বাছ কোঠ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে।
মন্ত্ৰী গাডকাৰীয়ে উত্তৰ-পূবাঞ্চলৰ ৰাজ্য কেইখনৰ যোগাযোগ ব্যৱস্থা উন্নতমানৰ সুচল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
মন্ত্ৰী সংবাদমেলত আৰু কয় ২০২৪ ৰ পিছত অঞ্চলটোৰ পথ আৰু বিভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰায় ২ লাখ কোটি টকা বিশেষ পুঁজি মোকোলাই দিয়াৰ কথা ঘোষণা কৰে। ইতিমধ্যে অঞ্চলটোত ৰূপায়ণ হৈ থকা তিনি লাখ কোটিৰ কাম আগন্তুক ২০২৪ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে ৷