Guwahti Murder : মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড

বোৱাৰীক হত্যাৰ অভিযোগ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে

e7a43a26 2d3c 4d2c 8c7c 31fff3eaac5e

Guwahti Murder :

মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ হাতীগাঁৱৰ নটবমাত এগৰাকী বোৱাৰীক নিজ স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ ৷ মৎস্য ব্যৱসায়ী হুছেইন আলী আৰু তেওঁৰ পত্নী চুমি বেগম(২৫)মে বসবাস কৰিছিল নটবমাত ৷

যোৱা নিশা ৰহস্যজনক ভাৱে ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হয় চুমি৷ইয়াৰ পিছতে চুমিৰ মাতৃ পৰিয়াল আৰু স্থানীয় লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইয়া স্বামী আৰু তেওঁৰ শহুৰ পৰিয়ালৰ দ্বাৰা সংঘটিত এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ইতিমধ্যে হাতীগাওঁ দাখিল কৰিছে এজাহাৰ ৷

আনহাতে ঘটনাস্থলীত হাতীগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ বোৱাৰী গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত স্বামী হুছেইন আলীক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version