Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 10 29 at 16.17.27 2

Horoscope :

মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া- বাৰুৰ কথা-বতৰাত আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃষ : কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

মিথুন : ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

কৰ্কট : মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্ৰমণত কষ্ট। নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব। বাধা দুই-এটা আছে। শুভ ৰং বেঙণীয়া। শুভ সংখ্যা ৩।

সিংহ : কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতো কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা-১।

কন্যা : কৰ্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সন্তানৰ চিন্তা-আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি। শুভ ৰং পাতল হালধীয়া। শুভ সংখ্যা ৮।

তুলা : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। কিন্তু নতুন এটা কৰি দেখুৱাৰো হাবিয়াস আছে’। শুভ ৰং বগা। শুভ সংখ্যা ৫।

বৃশ্চিক : কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনোবল বঢ়াওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব ৷ পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৯।

ধনু: আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল । বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। পিচবেলা বিবিধ উন্নতি। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

মকৰ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কৰ্মতো মন চঞ্চল হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব পাৰে। আৰ্থিকতো চিন্তা। কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব। প্ৰেমত শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৬।

কুম্ভ : পিচবেলা কোনো ক্ষেত্ৰ নিৰাশ হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছুচ ওলোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

মীন: কৰ্মস্থানত আৰু পাৰিবাৰীক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়, নিজে ভবা মতে, সকলো দিশেই দুৱাৰ খোলা নাপাব। শৰীৰ সম্পর্কেও সচেতন থাকক। ভ্রমণাদিত একেবাৰে অন্য মনস্ক হ’ব। দুই চিন্তা নকৰিব। শুভ ৰং বগা শুভ সংখ্যা ২।

Exit mobile version