Abhishek Bachchan and Aishwarya Rai Bachchan property  : অভিষেক নে ঐশ্বৰ্য , কাৰ সম্পত্তিৰ পৰিমাণ বেছি ?

images 12

Abhishek Bachchan and Aishwarya Rai Bachchan property  :

২০০৭ চনত প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ক অমিতাভ-জয়াৰ একমাত্ৰ পুত্ৰ অভিষেক বচ্চনে পত্নী হিচাপে বৰণ কৰিছিল । সেইসময়ত বলীউডৰ এই হাই প্ৰফাইল বিয়াখনক লৈ দেশজুৰি চৰ্চা হৈছিল । অৱশ্যে বৰ্তমানেও বচ্চন পৰিয়ালৰ এই যুটিক লৈ চৰ্চা অব্যাহত থাকে । সম্প্ৰতি নেটিজেনসকল ব্যস্ত হৈ পৰিছে এই দুই তাৰকাৰ সম্পত্তিৰ হিচাপক লৈ । অৰ্থাৎ কাৰ কিমান সম্পত্তি আছে সেইলৈ অনুৰাগীসকলে ব্যস্ত হৈ পৰা দেখা গৈছে ।

অভিষেক-ঐশ্বৰ্য প্ৰথম দেখা হৈছিল ১৯৯৭ চনত । খবৰ অনুসৰি অভিনেতা ববী দেউলে দুয়োকে প্ৰথম সাক্ষাৎ কৰাই দিছিল । অৱশ্যে সেইসময়ত দুয়ো বেলেগ বেলেগ সম্পৰ্কত বান্ধ খাই আছিল । বিশেষকৈ সেইসময়ত ঐশ্বৰ্য চালমন খানৰ সৈতে সম্পৰ্কত বান্ধ খাই আছিল আৰু অভিষেকৰ কৰিস্মা কাপুৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যদিও দুয়োৰে মাজত বিচ্চেদ আৰম্ভ হৈছিল ।

বিচ্চেদৰ যন্ত্ৰণাত থকা অভিষেক লাহে লাহে ঐশ্বৰ্যৰ প্ৰতি আসক্ত হৈছিল । পুনৰ দুয়ো তিনি বছৰৰ পিছত অৰ্থাৎ ২০০০ চনত নিৰ্মাণ হোৱা ‘’ ঢাই অক্সৰ প্ৰেম কি ‘’ নামৰ ছবিখনত দুয়ো একেলগে চুক্তিবদ্ধ হয় আৰু দুয়োৰে মাজত প্ৰেমৰ গুণগুণনি আৰম্ভ হয় । কিছু বছৰৰ পিছত অৰ্থাৎ ২০০৭ চনত অমিতাভ-জয়াই দুয়োকে বিবাহ পাশত আৱদ্ধ কৰি বান্ধি পেলায় ।

এতিয়া সৰ্বত্ৰে চৰ্চা হোৱা বিষয়টো হৈছে বলীউডত এই অভিনেতাদ্বয়ৰ কোন বেছি সফল ?

পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দেখা যায় যে , ঐশ্বৰ্যই অভিষেকতৈ বহুত বেছি পাৰিশ্ৰমিক লাভ কৰে । আনকি দুয়ো একেলগে কৰা ছবিতো ঐশ্বৰ্যই অভিষেকতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰে । এইলৈ বিভিন্ন সময়ত অভিষেকে আক্ষেপ কৰাও দেখা যায় ।
২০১৮ চনত এটা সাক্ষাৎকাৰত অভিষেকে মুকলিকৈ কৈছিল যে , তেওঁলোকে এই পৰ্যন্ত একেলগে ন খন ছবিত অভিনয় কৰিছে । কিন্তু তাৰভিতৰত আঠখন ছবিত ঐশ্বৰ্যই অভিষেককৈ বেছি পাৰিশ্ৰমিক লাভ কৰিছে ।

যেনেকৈ ‘পিকু’ ছবিত ইৰফান খান আৰু অমিতাভ বচ্চনতকৈ দীপিকা পাডুকনে বেছি পাৰিশ্ৰমিক পাইছিল । আচলতে ছবিৰ ক্ষেত্ৰত থকা ব্ৰেণ্ড ভেল্যুৰ ওপৰতে অভিনেতাৰ পাৰিশ্ৰমিক নিৰ্ভৰ কৰে । বলীউডৰ তাৰকাৰ ভিতৰত ঐশ্বৰ্যৰ পাৰিশ্ৰমিক বহুখিনি বেছি ।

জীৱনৰ বেছিভাগ ছবিতে অভিনেত্ৰীগৰাকী সফল হোৱাৰ লগতে হলীউডৰ ছবিতো ঐশ্বৰ্যই অভিনয় কৰি আহিছে । তেনেক্ষেত্ৰত নিসন্দেহে ঐশ্বৰ্যৰ সম্পত্তিৰ পৰিমাণ অভিষেকতৈ বেছি হ’ব । ইফালে প্ৰাপ্ত তথ্য অনুসৰি ঐশ্বৰ্যৰ বিদেশতো বহু সম্পত্তি আছে । কিছুদিন পূৰ্বে বিদেশৰ সম্পত্তিৰ হিচাপ দাখিল কৰিবলৈ অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে থানালৈ মাতি পঠোৱাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ হৈছিল ।

Exit mobile version