Ramdev : ৰামদেৱৰ পাঁচবিধ ঔষধৰ পৰা নিষেধাজ্ঞা প্রত্যাহাৰ উত্তৰাখণ্ডৰ

1668335865 baba ramdev

Ramdev :

ৰামদেৱৰ দিব্য ফার্মাচীয়ে উৎপাদন কৰা পাঁচবিধ ঔষধৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰিলে উত্তৰাখণ্ডৰ আয়ুর্বেদ আৰু ইউনানি লাইছেন্সিং অথৰিটিয়ে । পূৰ্বৰ নির্দেশনা সংশোধন কৰি শনিবাৰে নতুন নির্দেশনা জাৰি কৰা হৈছে । নতুন নির্দেশনাত কোৱা হৈছে, এই পাঁচবিধ ঔষধ উৎপাদন অব্যাহত ৰাখিব পাৰিব ৰামদেৱৰ সংস্থাই ।

পূৰ্বৰ নির্দেশনাত যি ভুল হৈছিল সেয়া স্বীকাৰ কৰি লোৱা হৈছে নতুন চৰকাৰী নির্দেশনাত । নতুন নির্দেশনাত কোৱা হৈছে, ‘‘উৎপাদন বন্ধৰ নির্দেশ দিয়াৰ পূৰ্বে আমি সংস্থাক নিজৰ পক্ষ উপস্থাপনৰ সুযোগ দিয়া উচিত আছিল ।’’ জাননী জাৰিৰ ক্ষেত্রত ততাতয়া কৰা হৈছিল বুলিও নতুন নির্দেশনাত জনাইছে চৰকাৰী বিষয়াই ।

ৰামদেৱৰ সংগী বালকৃষ্ণ‌ই ইয়াৰ পাছতেই টুইট কৰি উত্তৰাখণ্ড চৰকাৰৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিছে । লগতে উত্তৰাখণ্ড চৰকাৰে যে ভুল স্বীকাৰ কৰিছে, সেয়াও টুইটত লিখিছে তেওঁ ।

প্রসংগত, নির্দিষ্ট অভিযোগৰ পৰিপ্রেক্ষিতত যোৱা ন নৱেম্বৰত, ৰামদেৱৰ সংস্থাৰ মধুমেহ, ৰক্তচাপ, গৰল ৰোগ, গ্লুক’মা আৰু উচ্চ কলেষ্টৰেলৰ ঔষধ উৎপাদনৰ ওপৰত নিষেধাজ্ঞা জাৰি হৈছিল । তিনি দিনৰ ভিতৰতে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে ।

বিগত জুলাইত, কেৰালাৰ চিকিৎসক কেভি বাবুৰ অভিযোগ, ৰামদেৱৰ সংস্থাই ১৯৫৪-ৰ ‘ড্রাগছ এণ্ড মেজিক ৰেমিডিছ (অবজেক্‌ছনেবল এডভাৰটাইজমেন্ট)’ আৰু ১৯৪০-ৰ ‘ড্রাগস এণ্ড কছমেটিক্স এক্ট’ উলংঘা কৰি এই ঔষধবোৰ বিক্রী কৰি আছে । বাবুৱে যোৱা ১১ অক্টোবৰত এই মর্মে আন এটা অভিযোগ দাখিল কৰে । যোৱা ন নৱেম্বৰত এই ঔষধৰ উৎপাদন বন্ধৰ লগতে সংবাদমাধ্যমৰ পৰা এই সংক্রান্ত সমস্ত বিজ্ঞাপনো বন্ধ কৰাৰ নির্দেশনামা জাৰি কৰে । শনিবাৰে সেই নিষেধাজ্ঞা প্রত্যাহাৰ কৰিলে উত্তৰাখণ্ড চৰকাৰে ।

Exit mobile version