Coronavirus Update : ক’ভিডমুক্তৰ পথত দেশ

images 14

Coronavirus Update :

দেশত ক্ৰমান্বয়ে নিম্নমুখী দৈনিক কৰ’না ৰোগীৰ সংখ্যা । কিছদিনৰ আগলৈকে, স্বাস্থ্য মন্ত্ৰালয় কৰ’না পৰিসংখ্যাৰ বিষয়ে চিন্তিত আছিল। যদিও এতিয়া আৰু সেই পৰিস্থিতি নাই । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশখনত ৫৪৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

ADVERTISEMENT

এতিয়ালৈকে, দেশত মুঠ কৰ’না সংক্ৰমণৰ সংখ্যা হৈছে চাৰিকোটি ৪৬ লাখ ৬৬ হেজাৰ ৯২৪ । সংক্ৰমণ হ্ৰাস হোৱাৰ উপৰিও, যোৱা ২৪ ঘণ্টাত সক্ৰিয় ঘটনাও হ্ৰাস পাইছে। বৰ্তমান দেশত ন হেজাৰ ৪৬৮ জন সক্ৰিয় কৰ’না ৰোগী আছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত ক’ভিড-১৯ ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ৩০ হাজাৰ ৫৩২।

মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশতে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে। অৰ্থাৎ সামগ্ৰিকভাৱে দেশৰ পৰিসংখ্যাত সকাহ পোৱা গৈছে।

Exit mobile version