Elon Musk : ফেক একাউন্ট চিহ্নিত কৰিবলৈ নতুন পৰিকল্পনা ইলন মাস্কৰ

1668404128 elon 1

Elon Musk :

টুইটাৰৰ মালিকীস্বত্ব পোৱাৰ কিছু দিনৰ ভিতৰতে এটাৰ পাছত এটা নতুন পৰিকল্পনা হাতত লৈছে ইলন মাস্কে । সম্প্রতি ‘ব্লু টিক ভেৰিফিকেছন’ আৰম্ভ হোৱাৰ পাছত টুইটাৰত ফেক একাউন্টৰ পৰিমাণ বৃদ্ধি পোৱাত টুইট কৰি নতুন স্বত্বাধিকাৰীয়ে লিখিছে, ‘‘অতি শীঘ্রে সংস্থাৰ তৰফৰ পৰা একাউন্টবোৰ চিহ্নিত কৰা হ’ব আৰু এই একাউন্টৰ স’তে কোন জড়িত আছে সেয়াই সন্ধান কৰি উলিওৱা হ’ব ।’’

কিন্তু এই পৰিকল্পনাৰ বিষয়ে বিস্তাৰিতভাৱে একো জনোৱা নাই মাস্কে । অৱশ্যে তেওঁ জনাইছে, বহু দেশত টুইটাৰে ধীৰ গতিত কাম কৰিছে । এই সন্দৰ্ভত টুইট কৰি ক্ষমাও বিচাৰিছে তেওঁ ।

প্রসংগত, কে’বাদিনো ধৰি টুইটাৰৰ তৰফৰ পৰা সেৱা গ্রহণৰ বাবে টকা ধার্য কৰাৰ কথা পৰিকল্পনা কৰা হৈছে বুলি সূত্রৰ খবৰ । এক প্রতিবেদনত দাবী কৰা হৈছে যে, সকলো টুইটাৰ ব্যৱহাৰকাৰিসকলৰ পৰা ‘ছাবস্ক্রিপছন ফি’ লোৱাৰ পৰিকল্পনা কৰিছে মাস্কে ।

টুইটাৰৰ এক সাম্প্রতিক বৈঠকত কর্মচাৰীসকলৰ স’তে মাস্কে এই বিষয়ত বিশদ আলোচনা কৰিছিল বুলিও এই প্রতিবেদনত উল্লেখ আছে । প্রতিবেদন অনুযায়ী, প্রত্যেক টুইটাৰ ব্যৱহাৰকাৰীক প্রতি মাহে এটা সীমিত সময়ৰ বাবে টুইটাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হ’ব । যাৰ পাছত ব্যৱহাৰকাৰীসকলে মাইক্র’ব্লগিং ছাইটৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ সেৱা মূল্য দিব লাগিব । অৱশ্যে কেতিয়াৰ পৰা এই সিদ্ধান্ত বাস্তৱায়িত হ’ব সেই সন্দৰ্ভত একো জনোৱা নাই ।

Exit mobile version