Assam Bondh  :ৰাজ্যজুৰি বাৰঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ উজনিত সৰ্বাত্মক

ঠায়ে ঠায়ে ৰাজপথত জ্বলিল টায়াৰ

33e9ea05 2ba4 4943 9cea 43bf675d074e

Assam Bondh :

ছয় জনগোষ্ঠীক জনজাতিকৰণত কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাৰ প্ৰতিবাদত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই মঙলবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা বাৰঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ উজনি অসমত সৰ্বাত্মক মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

উজনি অসসৰ প্ৰায় কেইখন জিলাতে বন্ধৰ ফলত জনজীৱন ব্যাহত হৈ পৰে ৷ প্ৰায়বোৰ অঞ্চলত প্ৰতিবাদী সংগঠনৰ কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

আনহাতে মধ্য অসম আৰু নামনি অসমত এই বন্ধৰ প্ৰভাৱ আংশিক আছিল বুলি জানিব পৰা গৈছে ৷ একেদৰে ৰাজ্য ৰাজধানী গুৱাহাটী মহানগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহত বন্ধৰ প্ৰভাৱ নপৰিল ৷ অসম বন্ধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰক্ষী পৰু চিআৰ পি এফ মোতায়েনৰে সষ্টম কৰি ৰাখে ৷

উল্লেখ্য যে যোৱা সপ্তাহত ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ নেতৃবৰ্গই দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি অসম বন্ধৰ আহ্বান জনাইছিল। আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আগন্তুক দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে ।

মনকৰিবলগীয়া যে ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ আদিবাসী ছাত্ৰ সংগঠননে বন্ধৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে মঞ্চৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছিল সোমবাৰে।

Exit mobile version