Bali G-20 Summit : ইণ্ডোনেছিয়াত আৰম্ভ জি-২০ সন্মিলন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ' বাইদেন, ঋষি ছুনাকসহ বহু শীৰ্ষ নেতা উপস্থিত, প্ৰবাসী ভাৰতীয় সন্মিলনতো অংশগ্ৰহণ মোদীৰ

modi in bali

Bali G-20 Summit :

ইণ্ডোনেছিয়াত আজিৰে পৰা আৰম্ভ হয় জি-২০ সন্মিলন ৷ সন্মিলনৰ মুল অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেন আৰু বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকসহ বিশখন দেশৰ ৰাষ্ট্ৰনেতাসকল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত সম্বোধন কৰি বিশ্ব সম্প্ৰদায়লৈ এক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি সকলোৱে বিশ্বক এটা পৰিয়াল ৰূপে গন্য কৰাৰ সময় আহিছে বুলি মন্তব্য কৰে ৷

আনহাতে জি-২০ সন্মিলনত অংশলোৱাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিয়লী ভাগত ইণ্ডোনেছিয়াৰ ৰাজধানী বালিত অনুষ্ঠিত প্ৰবাসী ভাৰতীয় সকলৰ এক অনুষ্ঠানত ভাগ লয়৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত কয়, ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া ৷ দুয়োদেশে কুটনৈতিক ,বাণিজ্যিক আৰু সামাজিক ক্ষেত্ৰত সমিলমিলেৰে কাম কৰি আহিছে ৷

আনকি ২০১৮ ত দেশখনত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছতে ভাৰতে সমুদ্ৰ মৈত্ৰীৰ জৰিয়তে সাহায্য সামগ্ৰী, দৰৱ আদি বিভিন্ন সামগ্ৰী প্ৰেৰণ কৰিছিল জাহাজৰ জৰিয়তে ৷ বিপদৰ সময়ত ভাৰত সদায় নিকট বন্ধুৰ কাষত বুলি উল্লেখ কৰে মোদীয়ে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়, প্ৰতিজন ভাৰতীয় যেতিয়া ইণ্ডোনেছিয়ালৈ আহে সকলোৰে মনত এক সুকীয়া অনুভৱ হয় ৷ সেই একেই অনুভৱ মোৰো হৈছে ৷ ইণ্ডোনেছিয়াৰ সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতি এক নতুন মাত্ৰা প্ৰদান কৰাৰ অৰ্থে বালিৰ
পৰা ডেৰহাজাৰ দূৰৰ উৰিষ্যাৰ কটকত অনুষ্ঠিত কৰা হৈছিল ‘বালি যাত্ৰা’ মহোৎসৱ ৷

আনহাতে দেশে দিনক দিনে উন্নয়ন জখলাৰে গতি কৰিছে ৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আজি অগ্ৰণী দেশ বুলি উল্লেখ কৰি মোদীয়ে কয়, বিশ্বৰ বাবে আজি ভাৰত অপৰিহাৰ্য ৷

Exit mobile version