Ghattamaneni Krishna : হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত তেলেগু ছবিৰ বৰ্ষীয়ান অভিনেতা কৃষ্ণা

Krishna Mahesh R

Ghattamaneni Krishna :

প্ৰয়াত তেলেগু ছবিৰ বৰ্ষীয়ান অভিনেতা ঘত্তামানেনী কৃষ্ণা । মঙলবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে । প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা ঘত্তামনেনী কৃষ্ণা হৃদৰোগত আক্ৰান্ত হয়।

তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু মঙলবাৰে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ ।

কৃষ্ণাই বহু বছৰ ধৰি তেলেগু চলচ্চিত্ৰ উদ্যোগত কাম কৰি আহিছে । তেওঁ বক্স অফিচত এখন পাছত এখন হিট ছবিও দিছে। তেওঁ প্ৰায় ৩৪০ খন চলচ্চিত্ৰত অভিনয় কৰিছে।

ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ বঁটাও প্ৰদান কৰা হৈছে। কেৱল চিনেমাতে নহয় তেওঁ ৰাজনীতিৰ ক্ষেত্ৰতো সমান দক্ষতাৰে কাম কৰিছে। তেওঁ কংগ্ৰেছৰ হৈ ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনতো জয়ী হয় ।

প্ৰবীণ অভিনেতা কৃষ্ণাৰ আন এটা পৰিচয় আছে। তেওঁ দক্ষিণ তাৰকা মহেশ বাবুৰ পিতৃ। অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও আৰু জগন মোহন ৰেড্ডীয়ে কৃষ্ণাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Exit mobile version