Horoscope : দিনটোৰ ৰাশিফল

images 16

Horoscope :

মেষ : সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোন নতুন চিন্তাৰ সুকল আশা কৰিব পাৰে। ধন প্রাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃষ : বন্ধু-বৰ্গৰ পৰা উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতি প্ৰেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰ অভাৱ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।

মিথুন : পূর্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোন কৰ্মৰ ফল স্বৰূপ মনত শান্তি আহিব। মানসিক অযথা চিন্তাত নিয়ন্ত্রণ কৰক। শুভ ৰং কমলা, শুভ সংখ্যা ২।

কৰ্কট : ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং বগা। শুভ সংখ্যা ১

সিংহ : পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। বৈজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে। আৰ্থিকত ব্যয়। শুভ ৰং ক্রীম বা ৰঙা, শুভ সংখ্যা ৪।

কন্যা : শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাষ। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক । শুভ ৰং ক’লা, শুভ সংখ্যা ৭।

তুলা : মজলীয়া ফল। বাঞ্ছিত কর্মত কিছু অগ্ৰগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা। বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ স্থগিত ৰাখক। সুসংবাদ লাভ। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

বৃশ্চিক: উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান সন্তুতিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আৰ্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা, শুভ সংখ্যা ২।

ধনু : কর্মক্ষেত্ৰত উৎসাহ লাভ। কোন আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কর্মস্থানত যোগ্যতা থাকিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

মকৰ : অস্থিৰতা পাৰিলে বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৬।

কুম্ভ : কর্মক্ষেত্ৰত কোন নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ ভাব আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

মীন : কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব । ভ্ৰমণৰ ফলত আনন্দ। নিবনুৱাৰ কৰ্মসংস্থানৰ কিছু আছে। বিদ্যাত ভালেই দেখা যায়। শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ১।

Exit mobile version