Horoscope : দিনটোৰ ৰাশিফল

images 16

Horoscope :

মেষ : শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৭। সুখ সমৃদ্ধি বৃদ্ধি হ’ব। টকা-পইচাৰ অভাৱ দূৰ হ’ব। কুগ্ৰহৰ প্ৰভাবে সন্তানৰ ক্ষতি কৰিব পাৰে। প্ৰতিকাৰ-পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ধালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব।

বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯। আর্থিক ক্ষতিৰ যোগ আছে। সামান্য। কথাতে কাজিয়া হ’ব পাৰে। কোনো ধৰণণ ভাল কাম আজি আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে। প্ৰতিকাৰ-ভিক্ষাৰিক ক’লা বস্তু দান কৰিব।

মিথুন: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। এই ৰাশিৰ জাতকৰ আজি শুভ দিন। যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে। নিজৰ ভুলে ক্ষতি কৰিব। আনক উপদেশ দি নিজে সমস্যাত পৰিব। শিক্ষাৰ্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব। প্ৰতিকাৰ-ঘৰলৈ অহা আলহীক সুমষ্টি ফল খুৱাওক।

কর্কট: শুভ ৰং ৰঙা। শুভ সংখ্যা ৮। বিবাহৰ প্ৰস্তাব আহিব পাৰে। আর্থিক অনাতন দূৰ হ’ব। পাবলে থকা ধন হাতলৈ আহিব। প্ৰতিকাৰ-শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধুতুৰা ফুল দি লিংগ পূজা কৰি শিৱ-পাৰ্বতীক আৰাধনা কৰিব।

সিংহ : শুভ ৰং বেঙণীয়া, শুভ সংখ্যা ৩। যান-বাহন দুর্ঘটনা পতিত হ’বা পাৰে। শিক্ষাৰ্থীয়ে বিচৰা ধৰণে ফল নাপাব। বিশেষ ভাল খবৰ পাব। ব্যৱসায়ত লোকচান হ’ব পাৰে। প্ৰতিকাৰ-এটা পাত্ৰত পানী লৈ সূর্যলৈ চাই জল অৰ্পণ কৰিব।

কন্যা : শুভ ৰং নীলা। শুভ সংখ্যা ৫। কর্মস্থান পৰিৱৰ্তন হ’ব পাৰে। পাৰিবাৰিক কন্দল হ’ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ। ব্যৱসায়ত শুভ। প্ৰতিকাৰ-অগৰু চন্দন মিহলাই গোটেই ঘৰতে চতিয়াব।

তুলা : শুভ ৰং বগা। শুভ সংখ্যা ২। সাহিত্য চৰ্চা কৰা সকলৰ সন্মান বাঢ়িব। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে। যুটিয়া ব্যৱসায়ত হাত নিদিব। ব্যৱসায়ত ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ- দোৰোন ফুল পাঁচটা পানীৰে পূৰ্ণ পাত্ৰত লৈ সূৰ্য লৈ চাই অৰ্পণ কৰিব।

বৃশ্চিক : শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯। সংযম ৰাখি কথা পাতিব। হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব। আনে লোৱা টকা ঘূৰাই পাব। প্ৰতিকাৰ-তিনি দাল ধুপ জলাই ঘৰৰ চৌপাশ পদক্ষীণ কৰিব।

ধনু : শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭। ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে। মুৰত আঘাত পাব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। প্ৰতিকাৰ- হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব।

মকৰ : শুভ ৰং নীলা। শুভ সংখ্যা ৩। চাকৰিৰ বাবে শ্রেষ্ঠা কৰা সকলে ভাল খবৰ পাব। অপদস্ত হোৱা ভয়। আজি টকা ধাৰলৈ নিদিব। প্ৰতিকাৰ- লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব।

কুম্ভ : শুভ ৰং হলধীয়া। শুভ সংখ্যা ৪। অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে। দূৰ ভ্ৰমণ নকৰিব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ’ব। প্ৰতিকাৰ-ঘৰৰ পৰা ওলাই যাওঁতে সূৰ্যক প্রণাম কৰি ওলাব। এটা বেল পাত ৰাখিব।

মীন : শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৬। হাতলৈ টকা আহিব। কিন্তু জমা ৰাখিব নোৱাৰে। মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে। কর্মসংস্থান বিচৰাসকলে আজি শ্রেষ্ঠা কৰক। পাৰিবাৰিক অশান্ত বাঢ়িব। প্ৰতিকাৰ-ঘৰলৈ অহা যিকোনো ব্যক্তিক আদাৰ কৰি শুশ্রূষা কৰিব। থাৰিলে মিঠা ফল খুৱাব।

Exit mobile version