Railway Passengers Food : এইবাৰ ৰে’লত পোৱা যাব স্থানীয় খাদ্যৰ সোৱাদ , ডাইবেটিছ ৰোগীৰ বাবেও বিশেষ ব্যৱস্থা ৰে’লৰ

Train Food

Railway Passengers Food :

এতিয়াৰে পৰা, চলন্ত ৰে’লত উপলব্ধ হ’ব যাত্ৰীৰ প্ৰিয় খাদ্য (Railway Passengers Food) । আনকি ডায়েবেটিক ৰোগীৰ বাবেও, থাকিব পৃথক আহাৰ । ৰেল কৰ্তৃপক্ষই শিশুসকলৰ বাবে উপযুক্ত খাদ্যৰ ব্যৱস্থাও কৰিছে।

বিভিন্ন ৰাজ্যত বাস কৰা যাত্ৰীসকলৰ বাবে স্থানীয় খাদ্যও পাব । মঙলবাৰে ভাৰতীয় ৰেলৰ দ্বাৰা জাৰী কৰা এক নিৰ্দেশত এই কথা কোৱা হৈছে।

ৰে’লৱেৰ নিৰ্দেশনা অনুসৰি, ৰে’লৱেৰ নিজা কেটাৰিং সেৱা উন্নীত কৰা হৈছে। সেই উদ্দেশ্যৰ সলনি কৰিছে দীঘলীয়া দূৰত্বৰ ৰে’লৰ খাদ্য তালিকা ।

মূল ধাৰণাটো হ’ল যাত্ৰীসকলৰ প্ৰয়োজনীয়তা অনুসৰি খাদ্য পৰিৱেশন কৰা। ইয়াৰ ফলস্বৰূপে, এতিয়াৰ পৰা, “প্ৰতিজন যাত্ৰীক তেওঁৰ সোৱাদ আৰু পছন্দ অনুসৰি খাদ্য বাছনি কৰাৰ সুবিধা দিয়া হ’ব।”

থাকিব বিভিন্ন ৰাজ্যৰ খাদ্য । লগতে উৎসৱ পাৰ্বনৰ সময়ত থাকিব বিশেষ খাদ্য । চলন্ত ৰে’লখনত নৱজাতক শিশুৰ বাবেও থাকিব ‘বেবীফুড ‘ৰ ব্যৱস্থা । স্বাস্থ্য-সচেতন যাত্ৰীসকলৰ বাবে এক বিশেষ মেনুও থাকিব। যদি আপুনি বিচাৰে, বিচাৰিলেই পাব পছন্দৰ খাদ্য ।

লক্ষণীয় যে দেশৰ দক্ষিণ আৰু পশ্চিম অংশত বাস কৰা যাত্ৰীসকলে সাধাৰণতে স্থানীয় খাদ্যৰ দাবী কৰে। কাৰ্যত ভাৰতীয় ৰে’লৱেই সেই দাবি মানি লৈছে।

ৰে’লৱেৰ নিৰ্দেশনা অনুসৰি, এতিয়াৰ পৰা, যাত্ৰীসকলে ৰে’লসমূহত টিকটত খোৱাৰ দাম ধৰা থাকে , সেইসমূহৰ ক্ষেত্ৰত টিকট বুক কৰাৰ সময়ত তেওঁলোকৰ পচন্দৰ খাদ্য বাছনি কৰিবলৈ সক্ষম হ’ব ।

অৱশ্যে, সূত্ৰ অনুসৰি, জনতা মিলৰ মূল্য আৰু মেনু আগৰ দৰেই থাকিব। ৰেলৱেই স্বাস্থ্যকৰ আৰু মানদণ্ডৰ খাদ্য পৰিৱেশনৰ বাবে নিৰ্দেশনাও জাৰি কৰিছে।

Exit mobile version