Aryan Khan : কৰণ – জোহৰৰ প্ৰস্তাৱ প্রত্যাখন, পিতৃৰ দৰে অভিনেতা হ’ব নিবিচাৰে আৰিয়ানে

Aryan Khan turned down Karan Johars offer for a mega launch as a hero

Aryan Khan :

পিতৃ শ্বাহৰুখ খানৰ দৰে অভিনেতা হ’ব নিবিচাৰে আৰিয়ান খানে। লাইট-কেমেৰা-একচনৰ সন্মুখত নহয়, বৰঞ্চ কেমেৰাৰ পিছত থাকি চলচ্চিত্র উদ্যোগত কাম কৰিবলৈ আগ্ৰহী শ্বাহৰুখ পুত্র।

এই কাৰণতে বলিউডৰ বিখ্যাত পৰিচালক-প্রযোজকৰ এটাৰ পাছত আন এটা প্রস্তাব প্রত্যাখ্যান কৰিলে আৰিয়ানে। প্রকাশিত বাতৰি অনুসৰি, অলপতে কৰণ জোহৰে তেওঁৰ প্ৰস্তাৱিত ছবিত অভিনয়ৰ বাবে আৰিয়ানক প্রস্তাব দিছিল।

কিন্তু কৰণৰ প্ৰস্তাৱ নাকচ কৰিলে শ্বাহৰুখ পুত্ৰই। পৰিচালক জয়া আখতাৰেও ‘দ্য আৰ্চিছ’ ছবিৰ বাবে আৰিয়ানক প্রস্তাব দিছিল যদিও এই প্রস্তাৱো তেওঁ নাকচ কৰিছিল।

বলিউডৰ চৰ্চিত খবৰ অনুসৰি, অভিনয়ৰ প্ৰতি নহয়,আৰিয়ানে ছবি পৰিচালনা আৰু চিত্রনাট্য ৰচনাৰ প্ৰতিহে অধিক আগ্রহী। কে’বাখনো অটিটি ছিৰিজৰ চিত্ৰনাট্য আৰিয়ানে ৰচনা কৰিছে।

Exit mobile version