Money Back Missing :কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত পকেটমাৰ

জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ মানিবেগ হৰলুকি

8e4d9270 af8b 400e 861a 4a6c4ade2d01

Money Back Missing :মহানগৰীত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত পকেটমাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা যাত্ৰাৰ ৰাজ্যিক সমন্বয়ক ৰমেন চন্দ্ৰ বৰঠাকুৰে আজি ভৰলুমুখৰ সোনাৰাম খেলপথাৰৰ ভাৰত জোড়ো যাত্ৰাৰ বিশেষ কাৰ্যসূচীৰ তদাৰক কৰি থাকোতেই তেওঁৰ মানিবেগ হৰলুকি কৰে কোনো দুস্কৃতিকাৰীয়ে |

ইতিমধ্যে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে মানিবেগ হৰলুকি সন্দৰ্ভত এজাহাৰ দাখিল কৰে ভৰলুমুখ থানাত ৷

উল্লেখ্য যে নামনি অসমৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ সমদলকাৰী দলটো ইতিমধ্যে প্ৰৱেশ কৰিছে মহানগৰীত ৷প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নেতৃত্ব লোৱা দলটো আজি মহানগৰীৰ পৰা মধ্য অসমৰ দিশে আগবাঢ়িব ৷

Exit mobile version