Lachit Barphukan:মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ মহা আয়োজন

অসম আৰক্ষীৰ উদ্যোগত খানাপাৰাৰ পৰা জনতা ভৱনলৈ বৃহৎ পেৰেড

WhatsApp Image 2022 11 18 at 13.12.26

Lachit Barphukan:

অসমীয়াৰ স্বাভিমানৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী আজিৰে পৰা সমগ্ৰ ৰাজ্যতে সপ্তাহজোৰা কাৰ্যসূচীৰে মহা আয়োজন কৰিছে অসম চৰকাৰে ৷

মহাবীৰ গৰাকীৰ জন্মজয়ন্তী লগত সংগতি ৰাখি অসম আৰক্ষীয়ে আজি খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত আয়োজন কৰে আৰক্ষীৰ সৰ্ববৃহৎ পেৰেডৰ।

 খানাপাৰা পৰা দিশপুৰৰ অসম সচিবালয়ৰ জনতা ভৱনলৈ অসম আৰক্ষী, চি আৰ পি এফ ভাৰতীয় সেনা,বিএচ এফ,এছ এছ বি,চি আই এছ এফ আৰু এন চি চি বাহিনীয়ে এক কুজকাৱাজ বাহিৰ কৰে ৷ এই কুজকাৱাজ প্ৰত্যক্ষ কৰিবলৈ পথৰ দুয়োকাষে বহুলোকৰ সমাগম হয় ৷

উল্লেখ্যযোগ্য যে ২৩ ৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লীত বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপনৰ ব্যাপক আয়োজন কৰিছে অসম চৰকাৰে।

২৩ নৱেম্বৰৰ শুভাৰম্ভ কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকাৰ বিপৰীতে ২৪ নৱেম্বৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

আনহাতে কাৰ্যসূচীৰ অন্তিম দিনাৰ বিশেষ সমাপন কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

ইতিমধ্যে ৰাজধানী চহৰখনৰ ৰাজপথ,বিমানকোঠ,ৰে’ল ষ্টেচন সহ ভিন্ন স্থানত লাচিত বৰফুকনৰ কাট আউট আৰু বেনাৰ,হডিংৰে ভৰি পৰিছে ৷

Exit mobile version