Pulin Kr.Dutta: সুদক্ষ আৰক্ষী বিষয়া পুলিন কুমাৰ দত্তৰ দেহাৱসান

WhatsApp Image 2022 11 18 at 12.33.44

Pulin Kr.Dutta :

গুৱাহাটী চাৰ্ভে অঞ্চলৰ অসম আৰক্ষী সেৱাৰ প্ৰাক্তন সুদক্ষ আৰক্ষী বিষয়া পুলিন কুমাৰ দত্তৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটে ৷
মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ একমাত্ৰ জী-জোৱাই, নাতি-নাতিনী সমন্বিতে পৰিয়ালবৰ্গক এই ইহসংসাৰত এৰি থৈ স্বৰ্গগামী হয় ।

১৯৪৫ চনৰ ২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গোলাঘাট জিলাৰ কমাৰবন্ধা নিবাসী প্ৰয়াত সোমেশ্বৰ দত্ত আৰু প্ৰয়াত আইজনী দত্তৰ জ্যেষ্ঠ পুত্ৰ পুলিন কুমাৰ দত্ত এজন সুদক্ষ আৰু জনপ্ৰিয় আৰক্ষী বিষয়া আছিল ।

চাকৰি জীৱনত অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱা দত্তদেৱ এজন অতি অমায়িক আৰু মৰমীয়াল ব্যক্তি আছিল আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত থকা তেওঁৰ সু-সম্পৰ্কই আজি সকলোকে মৰ্মাহত কৰিছে ।

কবিতা লিখি ভাল পোৱা, সাহিত্য সভাৰ লগত জড়িত দত্তদেৱৰ দ্বাৰা ৰচিত কবিতা পুথিও প্ৰকাশিত হৈছে । অসমৰ বিভিন্ন স্থানৰ মঠ-মন্দিৰ আদি সামাজিক অনুস্থানৰ লগত জড়িত সমাজহিতৈসী দত্তদেৱৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব ।

আজি প্ৰয়াত আৰক্ষী বিষয়া গৰাকীৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় বহু আত্মীয় সৰ্জন আৰু গুণমুগ্ধৰ উপস্থিতিত ৷

Exit mobile version