Sikkim : চিকিমত প্ৰথম তুষাৰপাত , বৰফে ঢাকিলে পদপথ

আকাশৰ পৰা পৰিল বৰফৰ বৰষুণ

WhatsApp Image 2022 11 18 at 19.20.18

Sikkim :

উত্তৰ চিকিমত সাধাৰণতে ডিচেম্বৰৰ মধ্য ভাগৰ পৰা তুষাৰপাত হোৱা দেখা যায় । কিন্তু এইবাৰ নৱেম্বৰতে আহিল বৰফৰ বৰষুণ । বৰ্ষাৰ আগমনৰ প্ৰথম ভাগতে বৰফ পৰা আৰম্ভ হ’ল চিকিমত ।

সেইলৈ পৰ্যটকসকলৰ মাজতো উৎসাহ বৃদ্ধি পোৱা দেখা গৈছে । আনন্দত আত্মহাৰা হৈ পৰিছে পৰ্যটকসকল । ইফালে দাৰ্জিলিঙৰ সান্দাকফুত ঠাণ্ডাৰ পৰিমাণ বাঢ়িছে যদিও এই মুহূৰ্তলৈকে বৰফ পৰা নাই । বিপৰীতে চিকিমত বৃহস্পতিবাৰ নিশাৰ পৰাই তুষাৰপাত হ’বলৈ আৰম্ভ কৰিছে ।

শুকুৰবাৰে উত্তৰ চিকিমৰ লাচু্ং, ইয়ুমথাঙৰ পাহাৰ , ৰাস্তা ,ঘৰ নতুবা বজাৰ ,দোকান সকলো তুষাৰেৰে আবৃত হৈ পৰা দেখা যায় । এইসময়ত বেছিভাগ পৰ্যটকে তুষাৰেৰে আবৃত পাহাৰৰ নান্দনিক দৃশ্য চোৱাত মচগুল । বৰফৰ বল বনাই বনাই মুম্বাইৰ পৰ্যটক ৰাজেশ্বৰ প্ৰসাদে কয় যে , ৰাতিপুৱা শুই উঠি এনে দৃশ্য দেখা পাম বুলি সপোনতো ভবা নাছিলোঁ ।

এই দৃশ্যৰ অনুভূতি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । তুষাৰপাতৰ কাৰণে আমাৰ আৰু দুদিন থাকি যাবলৈ মন গৈছে । একেদৰে কলকতাৰ অনামিকা পালে কয় যে , আগতে আমাৰ এনে তুষাৰপাত দেখাৰ অভিজ্ঞতা নাই । কিন্তু এই ভ্ৰমণত এনে উপহাৰ পাম বুলি ভবাই নাছিলোঁ । শুনিছিলোঁ উত্তৰ চিকিমত সাংঘাতিক তুষাৰপাত হয়‌ । কিন্তু এইবাৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ ।

ইফালে স্থানীয় লোকসকলে কৈছে যে , নৱেম্বৰত কোনোদিনে উত্তৰ চিকিমত বৰফ পৰা দেখা নাছিলোঁ । কিন্তু এইবাৰ নিৰ্ধাৰিত সময়তকৈ আগেয়েই এই তুষাৰপাত আৰম্ভ হ’ল ।

Exit mobile version