Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

WhatsApp Image 2022 11 19 at 11.25.47

Donald Trump :

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প পুনৰ সাজু হৈছে ৰাষ্ট্ৰপতি হ’বলৈ ৷ ট্ৰাম্প নিজেই প্ৰকাশ কৰে যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰাৰ্থী হিচাপে ৷

৭৬ বছৰীয়া বৰ্ষীয়ান ট্ৰাম্পে তেওঁৰ মাৰ-এ-লাগো ক্লাব আৰু ফ্লাৰ পাম বীচৰ বাসগৃহৰচৌহদত থকা বিশাল আমেৰিকান পতাকাৰ কাষত থিয় হৈ উপস্থিত জনসাধাৰণৰ স’তে হোৱা মতবিনিময়ত ৰাষ্ট্ৰপতি প্ৰাৰ্থী হোৱাৰ কথা পাতি ঘোষণা কৰে ।

ট্ৰাম্পে কয়,’আমি অৱনতি হোৱা এখন ৰাষ্ট্ৰ । লাখ লাখ আমেৰিকানলোকৰ বাবে জ’ বাইডেনৰ অধীনত যোৱা দুবছৰ বেদনা, কষ্ট, উদ্বেগ আৰু হতাশাৰ সময় হৈ আহিছে।

আমেৰিকাক পুনৰ মহান আৰু গৌৰৱময় কৰি তুলিবলৈ মই আজি ৰাতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে মোৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ।’

উল্লেখযোগ্য যে,২০২০ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰাৰ আশাত প্ৰতিদ্বন্দিতা কৰা ডনাল্ড ট্ৰাম্পে বৰ্তমানলৈকে সেই সময়ৰ পৰাজয় স্বীকাৰ কৰিব পৰা নাই।

তেওঁ কেইবামাহ ধৰি ৰাষ্ট্ৰপতিৰ দৌৰত পুনৰ যোগদান কৰিবলৈ সাজু হৈ আছে বুলি ইংগিত দি আহিছে।

Exit mobile version