Space Flight : ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িলে এখন মহাকাশ যানে :

90567b0b 31cf 4e3a a6f9 bcfbf880638e

Space Flight :

এখন মনুষ্যবিহীন মাৰ্কিন সামৰিক মহাকাশযান ষষ্ঠ মিছনত ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে । এক বৈজ্ঞানিক গৱেষণাৰ বাবে যোৱা এই যানখনে বিগত শনিবাৰে পৃথিৱীত অৱতৰণ কৰিছে ।

সৌৰচালিত এই এক্স -৩৭ বি নামৰ এই যানখন নাচাৰ কেনেডি স্পেচ চেন্টাৰত অৱতৰণ কৰে । এইক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থা বোয়িংয়েৰ চিনিয়ৰ উপ সভাপতি জিম চিল্টনে কয় যে, ২০১০ চনত এই এক্স -৩৭ বি প্ৰথমবাৰলৈ উক্ষেপণ কৰা হৈছিল ।

সেইসময়ত উক্ত মহাকাশযানখন ৭৮০ দিন মহাকাশত থিকিবলৈ সক্ষম হৈছিল যদিও এইবাৰ ৯০৮ দিন মহাকাশত থাকি পূৰ্বৰ অভিলেখ ভংগ কৰিলে । ইয়াৰলগতে দ্ৰুত পৰীক্ষা- নিৰীক্ষাৰ ক্ষেত্ৰত এই নতুন মহাকাশ প্ৰযুক্তিয়ে যুক্তৰাষ্ট্ৰক অতুলনীয় ক্ষমতা প্ৰদান কৰিছে বুলিও উল্লেখ কৰে তেওঁ ।

একেদৰে মহাকাশ অভিযানৰ প্ৰধান জেনেৰেল চান্স চল্টজম্যানে কয় যে, এই মিছনে মহাকাশত অনুসন্ধান কৰাৰ ক্ষেত্ৰত বিমানবাহিনীৰ গুৰুত্ব আৰু অংশীদাৰৰ সমান্তৰালকৈ মহাকাশত কম খৰচত প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰিছে ।

সদ্যসমাপ্ত অভিযানত এই জাহাজখন প্ৰথমবাৰৰ বাবে একেটা পৰিষেৱা কক্ষপথত স্থাপন কৰিছে । যি নেভাল ৰিচাৰ্চ লেবেৰটৰী , ইউএফ এয়াৰফৰ্চ একাডেমীৰ বাবে কাম কৰিছে ।

ইয়াত ফেলকনচান্ট -৪ নামৰ এটা উপগ্ৰহক এই একাডেমীৰ দ্বাৰা এয়াৰফৰ্চ ৰিচাৰ্চ লেবেৰটৰিতে নিৰ্মাণ কৰা হৈছিল । উক্ত উপগ্ৰহটো বিগত বছৰৰ অক্টোবৰত কক্ষপথত এৰি দিয়া হয় ,যি এতিয়াও কাম কৰি আছে । ইফালে এক্স-৩৭ য়ে ১৩০ কোটি মাইল যাত্ৰা সম্পন্ন কৰিছে ।

Exit mobile version