Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2022 11 18 at 13.44.32

Horoscope :

মেষ: কর্মতৎপৰতা থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকল কোন সম্ভাৱ্য যোগাযোগৰ বাবে চেষ্টা কৰি যাব পাৰে। প্ৰেমত মতবিৰোধ। বিদ্যাত উৎসাহ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

বৃষ : উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব।বিদ্যাৰ্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মিথুন : কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাত বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

কর্কট : আর্থিকত বাধা কম পাব। কিন্তু কোনোৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰো মধ্যম। পাৰিবাৰিক শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

সিংহঃ মাজে মাজে গভীৰ চিন্তাৰ জুমুৰি দি ধৰিব। কর্মস্থানত স্বচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব। কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮।

কন্যা : আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। যাত্রাদিত বাধাপ্রাপ্ত হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক : ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্রাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰোধ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

ধনু : অকাৰণ বা কাৰণতেই হওক কাৰো লগত মত বিৰোধ হোৱাৰ আশংকা। লেনদেনত সাৱধান থাকক। শৰীৰ ভালেই বুলিব পাৰি। ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনো যোগাযোগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। বন্ধুবৰ্গৰ প্ৰতি সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ : মজলীয়া হ’লেও উন্নত। দূৰ যোগাযোগত বাধাপ্রাপ্ত পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। ব্যৱসায়ত ঋণৰ কাৰকতা। প্ৰেমত সাধাৰণ মতান্তৰ। শুভ ৰং বগা, শুভ সংখ্যা ৫।

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

Exit mobile version