Space center Restaurant : সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ; জানিবলৈ পঢ়ক–

9e43393d 042b 416a add6 5417a0e55855

Space center Restaurant :

মহাকাশৰ পৰা পৃথিৱী চাবলৈ কেনেকুৱা লাগিব ! এবাৰ ভাবকছোন ! এইযে মেঘ নাইবা বিশাল পানীৰ নীলা আৱৰণ । আচলতে মহাকাশৰ পৰা পৃথিৱীখন চাবলৈ কেনেকুৱা লাগিব , সেই অভিজ্ঞতা কেৱল মহাকাশচাৰীৰহে হৈছে ।

এবাৰ যদি সাধাৰণ জনতাইও প্ৰত্যক্ষ কৰিব পাৰিলহেঁতেন ! মহাকাশত পৃথিৱীৰ লগতে অনেক গ্ৰহ,উপগ্ৰহ,নক্ষত্ৰ আছে । এই সকলোবোৰ যদি আমি সকলোৱেই দৰ্শন কৰিব পাৰিলেহেঁতেন ! বিশেষকৈ সুস্বাদু আহাৰৰ লগতে আমি যদি মহাকাশৰ পৰা পৃথিৱীৰ অপৰূপ দৃশ্য উপভোগ কৰিব পাৰিলেহেঁতেন ।

কিন্তু এতিয়া এই সকলো সপোন বাস্তৱ হ’বলৈ গৈ আছে । কাৰণ এতিয়া মহাকাশত থকা স্পেচ ষ্টেচনত উপলব্ধ হ’ব এই সুবিধা । যিহেতু গৱেষণাৰ খাতিৰত মহাকাশচাৰীসকলে এই স্পেচ চেন্টাৰতে থাকি গৱেষণা কৰে । তেওঁলোকে স্পেচ চেন্টাৰৰ পৰা পৃথিৱীৰ হৈ কাম কৰে ,কাম কৰে অন্য গ্ৰহৰ সন্ধানত .. এই স্পেচ চেন্টাৰতে সকলো আছে । থকা-খোৱাৰ ব্যৱস্থাৰ পৰা ঘৰ সদৃশ কোঠা ,দৰজা, চিলি‌ং ,লিফ্ট ইত্যাদি ইত্যাদি ।

আনকি ফুৰিব পৰাকৈ বৃহৎ খালী ঠায়ো এই স্পেচ চেন্টাৰত উপলব্ধ থাকে । ইয়াত মহাকাশচাৰীয়ে বিৰল অভিজ্ঞতাৰ সমান্তৰালকৈ খাবলৈ সুস্বাদু আহাৰ পায় । এইধৰণৰ চিন্তাৰে এতিয়া মহাকাশত নিৰ্মাণ কৰিছে স্পেচ ৰেষ্টুৰেণ্ট ।

য’ত মানুহে মহাকাশত গৈ সুস্বাদু আহাৰৰ লগতে পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব । সম্পূৰ্ণ কাচেৰে নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টৰ পৰা মানুহে দৰ্শন কৰিব পৃথিৱীৰ অনন্য ৰূপ । দূৰৈৰ পৰা পৃথিৱীক চোৱাৰ বিৰল অভিজ্ঞতা । ঠিক যেনেকৈ মহাকাশৰ পৰা পৃথিৱীক চোৱাৰ আনন্দ ,ঠিক তেনে অভিজ্ঞতাৰে এই ৰেষ্টুৰেণ্টৰ পৰা পৃথিৱীখন চাব পাৰিব ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰলাণ্ডৰ ওৱাল্ট ডিজনি ওৱৰ্ল্ড – এ নিৰ্মাণ কৰিছে এই মহাকাশ ৰেষ্টুৰেণ্ট । বৰ্তমান এই ৰেষ্টুৰেণ্টখনলৈ যাবলৈ বুকিং পোৱাটো অসম্ভৱ হৈ উঠিছে । প্ৰাপ্ত তথ্য অনুসৰি এতিয়া এই ৰেষ্টুৰেণ্টখনলৈ যাবলৈ মানুহ উপচি পৰা দেখা গৈছে ।

Exit mobile version